
নগাও, ২০ নৱেম্বৰ (হি.স.)। চামগুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা l চামগুৰিত বিদ্যালয়ৰ ছাত্ৰীক শালীনতা হানিৰ চেষ্টা দুৰ্বিত্তৰ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৰ্তমান সুৰক্ষিত নহয় চামগুৰি l এগৰাকী ছাত্ৰীক টমটমত বিদ্যালয়লৈ আহি থাকোঁতে এজন যুৱকে শালীনতা হানিৰ চেষ্টা কৰে l টম টমৰ পৰা জাঁপ মাৰি কথমপি প্ৰাণ ৰক্ষা কৰে ছাত্ৰী গৰাকীয়ে।
চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ আছিল ছাত্রী গৰাকী l ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীৰ কাষ চাপে বিদ্যালয় কৰ্তৃপক্ষ l
বৰ্তমানো ঘটনা সংঘটিত কৰা টমটম আৰু যুৱকজনৰ কোনো সন্ধান ওলোৱা নায় l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু