
দৰং, ২০ নৱেম্বৰ (হি.স.)। কংগ্ৰেছ আৰু এআইইউডিএফক সাম্প্ৰদায়িক বুলি অভিহিত কৰিছে সংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ কয় যে কংগ্ৰেছে সদায় সাম্প্ৰদায়িক চিন্তাৰে আগবাঢ়ে। এ আই ইউ ডি এফ কংগ্ৰেছৰ নলে গলে লগা বন্ধু। ইয়াৰ বিপৰীতে অসমক ভাল পোৱা, অসমক এক কৰি ৰখা শক্তি সমূহক লগত লৈ আগবাঢ়ি যাব বিজেপি। মঙলদৈত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে সংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
ইয়াৰোপৰি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ বন্ধ ৰখাৰ স্বাৰ্থত, অসমীয়াৰ মাটি ভেটি, আধ্যাত্মিক স্থান সমূহৰ ওপৰত আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ হ'লে উজনিৰ পৰা নামনিলৈ, উত্তৰৰ পৰা দক্ষিণলৈ সকলোৱে মিলি 'মিঞা' শক্তিৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলিও কয় তেওঁ। ইফালে অসমলৈ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুচলিমীন (AIMIM)-ৰ সভাপতি তথা হাইদৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাদুদ্দিন ওভেছিক আমন্ত্ৰণ জনায় দিলীপ শইকীয়াই। ওভেছি অসমলৈ আহিলে লাভ হ'ব নে ক্ষতি হ'ব সেই বিষয়ে অৱশ্যে এতিয়াই ক'ব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে ।
বিহাৰৰ নিৰ্বাচনত বিজেপিৰ ৮৬% ষ্ট্রাইক ৰেট হৈছে, পৰৱৰ্তী সময়ত অসমত এই ষ্ট্রাইক ৰেট ৯৫% কৰাৰ বাবে চেষ্টা কৰিব বিজেপিয়ে। লগতে অসমত হ'বলগীয়া এছআৰক আদৰণি সাংসদ দিলীপ শইকীয়াৰ। লুৰিন গগৈয়ে এছআৰৰ বিৰোধিতা কৰা সন্দৰ্ভত দিলীপ শইকীয়াই কয় যে লুৰিন গগৈয়ে কংগ্ৰেছৰ হেঁচাত বা তুষ্টিকৰণ ৰাজনীতিৰ বাবেহে হয়তো এই বিৰোধিতা কৰিছে। লগতে এজেপি দলটো ৰাইজে ভবাৰ দৰে এটা বেলেগ দল নহয়। এ জে পি আৰু কংগ্ৰেছ দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা