অহা ৬ আৰু ৭ ডিচেম্বৰত মঙলদৈত অনুষ্ঠিত হ'ব সাংসদ খেল প্ৰতিযোগিতা
দৰং, ২০ নৱেম্বৰ (হি.স.)। মঙলদৈতো হ''ব সাংসদ খেল প্ৰতিযোগিতা। অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হব সাংসদ খেল প্ৰতিযোগিতা। দেশৰ খেলুৱৈ সকলক উৎসাহিত কৰা আৰু নতুন প্ৰজন্মক উলিয়াই অনাৰ প্ৰয়াসেৰে সমগ্ৰ দেশৰ লগতে মঙলদৈতো উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হব। লোকস
অহা ৬ আৰু ৭ ডিচেম্বৰত মঙলদৈত অনুষ্ঠিত হ'ব সাংসদ খেল প্ৰতিযোগিতা


দৰং, ২০ নৱেম্বৰ (হি.স.)। মঙলদৈতো হ'ব সাংসদ খেল প্ৰতিযোগিতা। অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হব সাংসদ খেল প্ৰতিযোগিতা। দেশৰ খেলুৱৈ সকলক উৎসাহিত কৰা আৰু নতুন প্ৰজন্মক উলিয়াই অনাৰ প্ৰয়াসেৰে সমগ্ৰ দেশৰ লগতে মঙলদৈতো উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হব। লোকসভা সমষ্টিটোৰ ১১ টা বিধান সভা সমষ্টি সামৰি উক্ত প্ৰতিযোগিতা অনুস্থিত হব।

নিশা মঙলদৈত এই বিষয়ে জানিব দিয়ে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। উক্ত প্ৰতিযোগিতাৰ বাবে মঙলদৈ মহাবিদ্যালয়ৰ খেল পথাৰ বাচনি কৰিছে । ফুটবল, কাবাদী , ভলীবল আদি বিভিন্ন খেলৰ উপৰিও পৰম্পৰাগত খেল সমুহো অনুস্থিত হব ।

নিশা মঙলদৈ আৱৰ্ত ভবনত এখনি সভা অনুস্থিত কৰি সাংসদ দিলীপ শইকীয়াই উক্ত বিষয়ে মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande