টংলাত আঘোণৰ সোণোৱালী পথাৰত ব্যস্ত দুশৰো অধিক এজাক পুৰুষ মহিলা
গাঁৱৰ উন্নয়নৰ স্বাৰ্থত একগোট হৈ সোণগুটি চপোৱাত ব্যস্ত এওঁলোক ।।
টংলাত আঘোণৰ সোণোৱালী পথাৰত ব্যস্ত দুশৰো অধিক এজাক পুৰুষ মহিলা


ওদালগুৰি, ২০ নৱেম্বৰ (হি.স.)। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত টংলাৰ চিকাৰীবাংলা গাঁৱৰ লোকসকল আঘোণৰ সোণোৱালী পথাৰত সোণ গুটি চপোৱা কামত ব্যস্ত হৈ পৰিছে। যান্ত্ৰিকতাৰ দিনত বা যি সময়ত ধান কটা, মৰণামৰা মেচিন ওলোৱা সময়তো কাচিৰে সোণগুটি চপোৱাত ব্যস্ত এই সকল লোক ৷

আজি ৪০ বছৰ ধৰি এনেদৰেই সোণগুটি চপাই গাঁৱবাসীয়ে। টংলাৰ চিকাৰীবাংলা গাঁৱৰ পথাৰত দেখা পোৱা গৈছে সোণগুটি চপোৱাৰ নান্দনিক দৃশ্য ৷ আনন্দ মনেৰে সোণগুটি চপোৱাত ব্যস্ত প্ৰায় দুই শতাধিক পুৰুষ-মহিলা। দলে-বলে নামিছে আঘোণৰ সোণোৱালী পথাৰত৷ গাঁ‌ওবাসী ৰাইজে বহু সমস্যাৰে জৰ্জৰিত হ'লেও সকলোৱে আনন্দ মনেৰে ধান দাইছে ৷ কপালৰ ঘাম মাটিত পেলাই সোণগুটি চপোৱাৰ সময়ত আনন্দত আত্মহাৰা হৈ পৰিছে এওঁলোক ৷ আচলতে চিকাৰিবাংলা গাঁৱৰ ২১৫ টা পৰিয়ালে এনেদৰে প্ৰতিবছৰে পথাৰৰ ধান কাটি লাভ কৰা ধনেৰে উন্নয়ন কৰি আহিছে গাঁৱৰ ৷ সহায় কৰি আহিছে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালক, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক কষ্টৰ সমূদায় ধন খৰছ কৰি আহিছে গাঁওখনৰ উন্নয়নৰ নামত, দৰিদ্ৰ পৰিয়ালৰ নামত ৷ ৰাষ্ট্ৰা- ঘাট, দলং, গীৰ্জাৰ বৰদিন, ধৰ্মীয় অনুষ্ঠানৰ সকলো উন্নয়নমূলক কাম গাঁওবাসীয়ে এনেদৰেই কৰি আহিছে সমাপন । গাঁওখনৰ ওপৰত পৰা নাই চৰকাৰৰ সুদৃষ্টি ৷ তথাপি আক্ষেপ নাই তেওঁলোকৰ ৷ নিজৰ অঞ্চলৰ উন্নয়ন নিজেই কৰাৰ পণ লৈ গাঁওখনৰ ২১৫ টা পৰিয়ালৰ প্ৰায় ডেৰ শতাধিক পুৰুষ-মহিলা নামি পৰিছে নিজ-নিজ কামত। ভৰ দুপৰীয়া আঘোন মহীয়া সোনালী পথাৰত এজাক পুৰুষ মহিলাৰ ধান দোৱা( কটা) দৃশ্যই বহু বাটৰুৱাক আত্মবিভোৰ কৰি তুলিছে ৷ মুখত একোমোৰা হাঁহি লৈ পথাৰত ধান দাই থকা এই দৃশ্যই বহুতকে কৰি তুলিছে নষ্টালজিক ৷

জনপ্ৰতিনিধিৰ আভূৱা ভৰা প্ৰতিশ্ৰুতিক প্ৰত্যাহ্বান জনাই এখন গাঁৱৰ ৰাইজে এনেদৰে উন্নয়নৰ নামত শ্ৰমদান কৰি দাঙি ধৰে আন এক নিদৰ্শন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande