মঙলদৈত অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব সাংসদ খেল প্ৰতিযোগিতা
মঙলদৈত অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হব সাংসদ খেল প্ৰতিযোগিতা ।
মঙলদৈত অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব সাংসদ খেল প্ৰতিযোগিতা


দৰং, ২০ নৱেম্বৰ (হি.স.): দৰং জিলাৰ মঙলদৈত অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব সাংসদ খেল প্ৰতিযোগিতা । দেশৰ খেলুৱৈ সকলক উৎসাহিত কৰা আৰু নতুন প্ৰজন্মক উলিয়াই অনাৰ প্ৰয়াসেৰে সমগ্ৰ দেশৰ লগতে মঙলদৈতো এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

লোকসভা সমষ্টিটোৰ ১১ টা বিধান সভা সমষ্টি সামৰি এই প্ৰতিযোগিতা অনুস্থিত হ'ব । যোৱা নিশা মঙলদৈত এই কথা জানিব দিয়ে দৰং ওদালগুৰি লোক সভা সমস্টিৰ সাংসদ গৰাকীয়ে। মঙলদৈ মহাবিদ্যালয়ত এই প্ৰতিযোগিতা অনুস্থিত হ'ব । ফুটবল, কাবদী, ভলীবল আদি বিভিন্ন খেলৰ উপৰিও পৰম্পৰাগত খেল সমুহো অনুস্থিত হ'ব । এই লৈ যোৱা নিশা মঙলদৈ আবৰ্ত ভবনত এখনি সভা অনুস্থিত হয় । সাংসদ দিলীপ শইকীয়া পৌৰহিত্যত অনুস্থিত সভাত মঙলদৈ সমস্টিৰ বিধয়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজোতি দাস, জিলা ক্ৰিড়া বিষয়াকে ধৰি বিভিন্ন ব্যক্তি সকল উপস্থিত থাকে । সভাত খেল পৰিচালনাৰ কাৰনে এখন সমিতি গঠন কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande