উত্তৰ গুৱাহাটীত নাহৰ ফুটুকি বাঘৰ আতঙ্ক
গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। পুণৰ উত্তৰ গুৱাহাটীত নাহৰ ফুটুকি বাঘৰ আতঙ্ক । উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ পাহাৰত থিতাপি লোৱা এটা নাহৰ ফুটুকি বাঘে আতঙ্ক নমাইছে উত্তৰ গুৱাহাটীত । বুধবাৰে নিশা পশুধন ভক্ষন কৰিবলৈ মধ্যম খণ্ডৰ এঘৰ মানুহৰ চোতালত অৱস্থান কৰি
উত্তৰ গুৱাহাটীত নাহৰ ফুটুকি বাঘৰ আতঙ্ক


গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। পুণৰ উত্তৰ গুৱাহাটীত নাহৰ ফুটুকি বাঘৰ আতঙ্ক । উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ পাহাৰত থিতাপি লোৱা এটা নাহৰ ফুটুকি বাঘে আতঙ্ক নমাইছে উত্তৰ গুৱাহাটীত । বুধবাৰে নিশা পশুধন ভক্ষন কৰিবলৈ মধ্যম খণ্ডৰ এঘৰ মানুহৰ চোতালত অৱস্থান কৰিছিল বাঘটোৱে । ঘৰৰ গৰাকী সষ্টম হৈ বাহিৰলৈ ওলাই অহাত বাঘটোৱে আক্ৰমণাত্মক ভাবে গৰ্জন কৰি পুনৰ ওচৰৰ হাবিত লুকাই পৰে ।

স্থানীয় দীৰ্ঘেশ্বৰী বন সংমণ্ডল বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ আশ্বাস দিও সময়মতে উপস্থিত নহ'ল ঘটনাস্থলীত ।ফলত ভীতিগ্ৰস্ত হৈ পৰিছে অঞ্চলটোৰ আবাসিক সকল । স্থানীয় লোকৰ দাবী উত্তৰ গুৱাহাটীত অব্যাহত থকা অবাধ পাহাৰ খনন আৰু বনাঞ্চল ধ্বংসৰ ফলতেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে বাঘ তথা বনৰীয়া জন্তুবোৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande