
ধুবুৰী, ২০ নৱেম্বৰ (হি.স.)। চাপৰ-শালকোচা শিশু উন্নয়ন প্ৰকল্প বিষয়া উৎপল হাজৰিকাৰ ময়মতালি। চৰকাৰী কাৰ্য্যালয় চৌহদত গছ কাটি বিপদত শিশু উন্নয়ন প্ৰকল্প বিষয়া। কোনো অনুমতি নোলোৱাকৈ নিজৰ ইচ্ছা অনুসৰি তিনিডাল কৈ গছ কাটি ৰাইজৰ ৰোষত পৰিল শিশু উন্নয়ন প্ৰকল্প বিষয়া। কাণ্ডজ্ঞানহীন বিষয়া গৰাকীৰ শাস্তিৰ দাবীত জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ।
উক্ত ঘটনা সন্দৰ্ভত আৰেয়াৰঝাৰ শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পৰা চাপৰ থানাত এজাহাৰ দাখিল কৰে। যি সময়ত অসম চৰকাৰে গছ সংৰক্ষণ কৰাৰ লগতে গছ পুলি ৰোপন কৰাৰ ব্যৱস্থা হাতত লৈছে তেনেস্থলত বিষয়া গৰাকীৰ কৰ্মকাণ্ডত সকলোৰে চকু কপালত তুলিছে। বিষয়া গৰাকীৰ উক্ত কৰ্মকাণ্ডৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে স্থানীয় ৰাইজে লগতে বিষয়া গৰাকীৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
আনফালে এই গছ কটা কাৰ্যত উক্ত কাৰ্যালয়ৰ আব্দুছ ছামাত নামৰ কৰ্মচাৰী গৰাকীৰ লগত লগ হৈ বিষয়া গৰাকীয়ে এই কাণ্ড কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। অৱশেষত আৰেয়াৰঝাৰ বন বিভাগৰ কাৰ্য্যালয়ৰ বিষয়া সকলক উক্ত গছৰ কুণ্ডা খিনি চমজাই দিয়ে স্থানীয় ৰাইজে। এতিয়া এই গৰাকী বিষয়াৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা হাতত লয় সেয়া পৰবৰ্তী সময়ত হ'ব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ