ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰি বিস্ফোৰণৰ পিছত আবদ্ধ পৰ্বতাৰোহীক উদ্ধাৰ
জাকাৰ্টা, ২০ নৱেম্বৰ (হি.স.)। ইণ্ডোনেছিয়াত চেমেৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত বুধবাৰে ১৭০জন পৰ্বতাৰোহীক নিৰাপদে উদ্ধাৰ কৰা হয়। বৃহস্পতিবাৰে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰানু কুম্বোলো পৰ্যবেক্ষণ চকীত আবদ্ধ হৈ থকা ১৭৮ জন লোকৰ ভিতৰত আছে
इंडोनेशिया में सेमेरू ज्वालामुखी


জাকাৰ্টা, ২০ নৱেম্বৰ (হি.স.)। ইণ্ডোনেছিয়াত চেমেৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত বুধবাৰে ১৭০জন পৰ্বতাৰোহীক নিৰাপদে উদ্ধাৰ কৰা হয়।

বৃহস্পতিবাৰে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰানু কুম্বোলো পৰ্যবেক্ষণ চকীত আবদ্ধ হৈ থকা ১৭৮ জন লোকৰ ভিতৰত আছে পৰ্বতাৰোহী, পৰ্টাৰ, সাতজন গাইড, আৰু ছয়জন পৰ্যটন বিষয়া। বাকী আঠজনৰ ভাগ্য এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে, বাতৰি অনুসৰি বুধবাৰে আগ্নেয়গিৰিটোৱে বিস্ফোৰণ ঘটাই ছাই আৰু লাভাৰ প্ৰবাহে চাৰিওফালৰ অঞ্চলটোক আগুৰি ধৰে। লাভা আৰু শিলৰ টুকুৰা ১৩ কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰিছিল।

বিষয়াসকলে জনোৱা মতে, আশে-পাশে থকা অঞ্চলৰ পৰা ৯০০ৰো অধিক স্থানীয় বাসিন্দাক উলিয়াই অনা হৈছে।

চেমেৰু ৰাষ্ট্ৰীয় উদ্যানৰ এজন বিষয়া ছেপ্টি ৱাৰ্ডানীয়ে জনোৱা মতে, আগ্নেয়গিৰিৰ মুখৰ পৰা প্ৰায় ৬.৪ কিলোমিটাৰ দূৰত্বত থকা হ্ৰদৰ পাৰৰ কেম্পিং এলেকাত ৰাতিটো আবদ্ধ হৈ পৰে পৰ্বতাৰোহী আৰু তেওঁলোকৰ গাইড। এতিয়া তেওঁলোকক নিৰাপদ স্থানত সহায় কৰা হৈছে। সকলো পৰ্বতাৰোহী আৰু তেওঁলোকৰ গাইড নিৰাপদ। পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰি বিজ্ঞান সংস্থাই প্ৰকাশ কৰা ভিডিঅ’ ফুটেজত দেখা গৈছে যে আগ্নেয়গিৰিটোৰ মুখৰ পৰা গৰম ছাইৰ এক বিশাল ঢৌৱে পাহাৰবোৰ আবৰি ধৰিছে।

ইষ্ট জাভাৰ উদ্ধাৰ সংস্থাৰ এগৰাকী বিষয়া প্ৰিহিস্তা ডায়ানে কয় যে আগ্নেয়গিৰিটোৰ ওচৰত বাস কৰা ৯৫৬ জন লোকক ইতিমধ্যে বিদ্যালয়, মছজিদ, চৰকাৰী ভৱনলৈ স্থানান্তৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে কেইবা ডজন জোৱান মোতায়েন কৰিছে।

৩,৬৭৬ মিটাৰ উচ্চতাৰ মাউণ্ট চেমেৰু ইণ্ডোনেছিয়াৰ প্ৰায় ১৩০টা সক্ৰিয় আগ্নেয়গিৰিৰ ভিতৰত অন্যতম, যিটো পেচিফিক ৰিং অৱ ফায়াৰত অৱস্থিত। পৃথিৱীৰ প্লেটৰ সংঘৰ্ষৰ ফলত হোৱা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ বাবে এই অঞ্চল পৰিচিত।

২০২১ চনৰ ডিচেম্বৰ মাহত চেমেৰুত শেষৰটো বৃহৎ বিস্ফোৰণ সংঘটিত হৈছিল, য’ত কমেও ৫১ জন লোকৰ মৃত্যু হৈছিল আৰু চাৰিওফালৰ গাঁওসমূহৰ ঘৰ-দুৱাৰ আৰু সামগ্ৰীসমূহ ছাইৰ তৰপেৰে আবৃত হৈছিল।

তাৰ মাজতে, প্ৰশাসনে মানুহক বেছুক কোবোকান নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে, য'ত লাভাৰ প্ৰবাহৰ আশংকা থাকে।

বিষয়াসকলে কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande