
যোৰহাট, ২০ নৱেম্বৰ (হি.স.):কুম্ভকৰ্ণ নিদ্ৰাত এতিয়া তিতাবৰৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নিজৰ হাততে থকা লোকনিৰ্মাণ বিভাগৰ অধীনত তিতাবৰৰ বাগিচা অঞ্চলত চলি থকা পথ সমূহৰ নিৰ্মাণকাৰ্য একে বাৰে নিম্ন মানৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এইক্ষেত্ৰত ঠিকাদাৰৰ কাম কাজক লৈ অসন্তুষ্টি ব্যক্ত কৰে।
তিতাবৰৰ লোকনিৰ্মাণ বিভাগৰ একেবাৰে নাকৰ তলতে ধলি চাহ বাগিচাৰ ২.৪ কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰে দুৰ্নীতি আৰু অনিয়মেৰে লুণ্ঠন অব্যাহত ৰখাৰ পাছতো বিভাগটোৰ অভিযন্তা আৰু কৰ্মচাৰী সকলে নীৰৱ-নিশ্চুপ হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। ১ কোটি ৭২ লাখ ব্যয় সাপেক্ষ ধলি চাহ বাগিচা আৰু ধোদৰ আলি সংযোগী পথ নিৰ্মাণ কৰি থকা নয়ন গগৈ নামৰ ঠিকাদাৰজনৰ লগত লোকনিৰ্মাণ বিভাগৰ যে গোপন মিতিৰালি আছে সেইকথা দিনৰ পোহৰৰ দৰেই স্পষ্ট।
সম্পূৰ্ণ পথছোৱা নিৰ্মাণ কৰাৰ নামত অতি নিম্নমানৰ চেণ্ড গ্ৰেভেলেৰে কাম কৰি থকাৰ পাছতো ৰহস্যজনকভাৱে নীৰৱ বিভাগটোৰ অভিযন্তা আৰু বৰমূৰীয়া সকল। বাগিচা অঞ্চলত ঠিকাদাৰৰ অবাধ দুৰ্নীতিৰ বিৰুদ্ধে কোনেও মাত মাতিবলৈ সাহস নকৰাৰ অজুহাততে নিজৰ খেয়ালখুচি মতে কাম কৰা ঠিকাদাৰ নয়ন গগৈৰ বিৰুদ্ধে গৰজি উঠিছে আটছা'ৰ বিষয়ববীয়া সকল। তেওঁলোকৰ অভিযোগ ধলি চাহ বাগিচাত ঠিকাদাৰ নয়ন গগৈয়ে চেণ্ড গ্ৰেভেলৰ নামত কেৱল লেণ্ড গ্ৰেভেলৰে অতি নিম্নমানদণ্ডৰ কামেৰে বাগিচাৰ শ্ৰমিক সকলক আভুৱা ভাৰিছে। নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত ঠিকাদাৰৰ লগত লোকনিৰ্মাণ বিভাগৰ এজন কাৰিকৰী বিষয়াই সম্পূৰ্ণ তদাৰক কৰিব লাগে যদিও ধলি - ধোদৰআলি সংযোগী পথত এজনো বিভাগীয় লোকৰ উপস্থিত নথকা বিষয়টোৱে সমগ্ৰ বিষয়টোত সন্দেহ ঘনীভূত কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ