(আপডেট) হাজোৰ বৰ্ণিত জব্দ তিনি খন বাহন সহ চোৰাং গৰু, ধৃত ৫ সৰবৰাহ
কামৰূপ, ২০ নৱেম্বৰ (হি.স.)। চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে হাজো আৰক্ষীয়ে লাভ কৰে বৃহৎ সফলতা। বৰপেটাৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা অৱস্থাত হাজোৰ বৰ্ণিত জব্দ কৰা হয় তিনি খন বাহনত সৰবৰাহ কৰা পশুধনসমূহ। আজি পুৱতি নিশা হাজোৰ শনিয়াদি পেট্ৰল পাম্পৰ সন্মুখত চলিছ
(আপডেট) হাজোৰ বৰ্ণিত জব্দ তিনি খন বাহন সহ চোৰাং গৰু, ধৃত ৫ সৰবৰাহ


কামৰূপ, ২০ নৱেম্বৰ (হি.স.)। চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে হাজো আৰক্ষীয়ে লাভ কৰে বৃহৎ সফলতা। বৰপেটাৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা অৱস্থাত হাজোৰ বৰ্ণিত জব্দ কৰা হয় তিনি খন বাহনত সৰবৰাহ কৰা পশুধনসমূহ। আজি পুৱতি নিশা হাজোৰ শনিয়াদি পেট্ৰল পাম্পৰ সন্মুখত চলিছিল অভিযান। অভিযানৰ নেতৃত্ব দিছিল হাজো আৰক্ষীৰ পৰিদৰ্শক বিষয়া ৰূপম হাজৰিকাই। হাজো আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ২৮টাকৈ চোৰাং গৰু।

উল্লেখ্য যে তিনিখন গাড়ীত মেঘালয়লৈ নি থকা অৱস্থাত পশুধনসমূহ জব্দ কৰে হাজো আৰক্ষীয়ে। চোৰাং বলে'ৰো পিকআপ ভান গাড়ী সহ আটক কৰা হৈছে পাঁচ জনকৈ লোকক। জব্দ কৰা গাড়ী কেইখনৰ নম্বৰ ক্ৰমে এএছ ০১ এছচি ৩৭৯৯, এএছ ০১ এমচি ৭১০২ আৰু এএছ ১৫ এচি ৮৭৭৯ বুলি জনা গৈছে। এইক্ষেত্ৰত বৰপেটাৰ মাজদিয়া আৰু মফিজ ভূঞা আৰু কুকাৰপাৰৰ মুকু আলী নামৰ দুই গৰু মাফিয়া জড়িত থকাৰ সন্দেহ কৰে হাজো আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande