
ধেমাজি, ২০ নৱেম্বৰ (হি.স.)। পুৱাই ধেমাজিত উপস্থিত ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য ৷ গুৱাহাটীৰ পৰা মুৰ্কংচেলেক লৈ অহা লাচিত এক্সপ্ৰেছ ৰেলযোগে পুৱা ৫.৪৫ বজাত ধেমাজি ৰেল ষ্টেচনত উপস্থিত হোৱা ৰাজ্যপালক ধেমাজি জিলা প্ৰশাসনে আদৰণি জনায় ৷ পুৱাই ধেমাজিত উপস্থিত হৈ ৰাজ্যপালে ধেমাজিবাসীক ধন্যবাদ জনোৱাৰ লগতে অনুৰাগী সকলৰ সৈতে ফটোও উঠে ৷
প্ৰায় চাৰে ন ঘন্টা ৰেলত আহি প্ৰথমবাৰৰ বাবে এগৰাকী ৰাজ্যপাল ধেমাজিত উপস্থিত হয় ৷ বৃহস্পতিবাৰে ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই ধেমাজি জিলাত অনুষ্ঠিত হব লগা কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা