জুবিন ক্ষেত্ৰলৈ শ্ৰদ্ধাঞ্জলি দিবলৈ অহা লক্ষিমপুৰৰ দুই যুৱক প্ৰৱঞ্চকৰ কবলত
গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। এইবাৰ জুবিন অনুৰাগীক প্ৰৱঞ্চনা কৰিলে গীতাৰ্থই। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ পদব্ৰজে অহা দুই জুবিন অনুৰাগীক প্ৰৱঞ্চনা গীতাৰ্থ ফুকন নামৰ এজন যুৱকৰ। জুবিন ক্ষেত্ৰলৈ শ্ৰদ্ধাঞ্জলি দিবলৈ অহা লক্ষিমপুৰৰ দুই যুৱক অমল শইকীয়া আৰু ব
এইবাৰ জুবিন অনুৰাগীক প্ৰৱঞ্চনা কৰিলে গীতাৰ্থই।


এইবাৰ জুবিন অনুৰাগীক প্ৰৱঞ্চনা কৰিলে গীতাৰ্থই।


গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। এইবাৰ জুবিন অনুৰাগীক প্ৰৱঞ্চনা কৰিলে গীতাৰ্থই। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ পদব্ৰজে অহা দুই জুবিন অনুৰাগীক প্ৰৱঞ্চনা গীতাৰ্থ ফুকন নামৰ এজন যুৱকৰ। জুবিন ক্ষেত্ৰলৈ শ্ৰদ্ধাঞ্জলি দিবলৈ অহা লক্ষিমপুৰৰ দুই যুৱক অমল শইকীয়া আৰু বেনুধৰ শইকীয়াক থকা খোৱাৰ ব্যৱস্থা কৰি দিম বুলি প্ৰৱঞ্চক গীতাৰ্থই লৈ গৈছিল ক্ষেত্ৰীস্থিত ডি নাইন হোটেললৈ ।

এনিশা হোটেল খনত কটোৱাৰ পিছত যেতিয়া বিল পৰিশোধ কৰিবৰ সময় হয় তেতিয়া এ টি এমৰ পৰা আহো বুলি দুই অনুৰাগীক তাতে থৈ পলায়ন কৰে প্ৰৱঞ্চকজনে। প্ৰৱঞ্চক গীতাৰ্থ পুনৰ উভতি নহাত হোটেল কৰ্তৃপক্ষই ৰখায় থৈ দিয়ে দুই যুৱকক। অৱশেষত উপায়ন্তৰ হৈ দুই যুৱকে বুধবাৰে নিশা কাষ চাপে ডিমৰীয়াৰ কেইজনমান স্থানীয় ব্যক্তিৰ।

জুবিন ক্ষেত্ৰত পদব্ৰজে আহি শ্ৰদ্ধাঞ্জলি জনাই ঘৰমুৱা হোৱা অনুৰাগী দুজনক জুবিন ক্ষেত্ৰৰ পৰা ফুচলাই আনিছিল গীতাৰ্থ ফুকন নামৰ যুৱকজনে। জানিব পৰা মতে যুৱকজনৰ ঘৰ গুৱাহাটী আজাৰাত । উল্লেখ্য যে এতিয়া জুবিন ক্ষেত্ৰৰ নামত একাংশ‌ই চলাইছে প্ৰৱঞ্চনাৰ জাল।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande