শোণিতপুৰৰ পাঁচ গৰাকী মহিলাক বিদেশীৰূপে চিনাক্ত, দেশৰ সীমাৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ ন্যায়ালয়ৰ
শোণিতপুৰ, ২০ নৱেম্বৰ (হি.স.)।শোণিতপুৰৰ একেখন গাঁৱৰে পাঁচ গৰাকী মহিলাক বিদেশীৰূপে চিনাক্ত। ২৪ঘণ্টাৰ ভিতৰত পাচ গৰাকী মহিলাকে দেশৰ সীমাৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ অর্ন্তগত তথা জামুগুৰিহাট আৰক্ষী থানাৰ অধীনস্
শোণিতপুৰৰ পাঁচ গৰাকী মহিলাক বিদেশীৰূপে চিনাক্ত, দেশৰ সীমাৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ ন্যায়ালয়ৰ


শোণিতপুৰ, ২০ নৱেম্বৰ (হি.স.)।শোণিতপুৰৰ একেখন গাঁৱৰে পাঁচ গৰাকী মহিলাক বিদেশীৰূপে চিনাক্ত। ২৪ঘণ্টাৰ ভিতৰত পাচ গৰাকী মহিলাকে দেশৰ সীমাৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ ন্যায়ালয়ৰ।

শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ অর্ন্তগত তথা জামুগুৰিহাট আৰক্ষী থানাৰ অধীনস্থ ধোৱাকটা খাড়িয়াবিল গাঁৱৰ পাঁচ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে বিদেশী ন্যায়াধিকৰণে। শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জাৰি কৰা এক নির্দেশনাত উক্ত তথ্য পোহৰলৈ আহিছে।মহিলা কেইগৰাকী ক্ৰমে মহম্মদ আমজাদ আলিৰ পত্নী ফাতেমা,মহম্মদ হাচমত আলিৰ পত্নী মনোৱাৰা, মহম্মদ আলিজুল হকৰ পত্নী হানুফা,মহম্মদ আমজাদ আলিৰ পত্নী মৰিয়ম নেচা আৰু মহম্মদ মাতবৰ আলিৰ পত্নী আমজাদ আলি।

শোণিতপুৰ জিলাৰ সীমান্ত আৰক্ষী অধীক্ষকে ২০০৬ ৰ ২০ মার্চত তৰা টি জেদ পি (বি)/২০০৬/ ৭১১ নম্বৰৰ গোচৰমর্মে যোৱা ২৪ অক্টোবৰত বিদেশী ন্যায়াধিকৰণ (২) য়ে লোক সকলক বিদেশী ঘোষণা কৰি ৰায় প্রদান কৰে। জিলা আয়ুক্তৰ নির্দেশনাত কোৱা হৈছে যে, ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত এই লোক সকলৰ অসম তথা দেশত উপস্থিতি দেশ তথা ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশৰ পৰা অত্যন্ত ক্ষতিকাৰক।সেয়েহে ইমিগ্রেন্ট এক্সপালছন ফ্রম আচাম ১৯৫০ আইনৰ দুই নম্বৰ ধাৰা আৰু -২০ মার্চ ১৯৫০ৰ জাননী অনুসৰি এই নির্দেশ পোৱাৰ ২৪ ঘন্টাৰ ভিতৰত ঘোষিত বিদেশী-পাঁচগৰাকীক ধুবুৰী, শ্রীভূমি, দক্ষিণ শালমৰা, অথবা মানকাচাৰ পথেৰে অসম তথা দেশৰ সীমাৰ পৰা ওলাই যাবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিছে। ইয়াৰ অন্যথা উল্লিখিত আইন অনুসৰি দেশৰ সীমাৰ পৰা আইনগতভাবে বাহিৰ কৰি দিবলৈ প্রাশাসন বাধ্য হ'ব বুলিও নির্দেশটোত কোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande