বকলীয়াঘাট হগলাকটা গাঁৱত আঘোণৰ পথাৰত সোণ গুটি চপোৱাত ব্যস্ত কৃষক
কাৰ্বিআংলং, ২০ নৱেম্বৰ (হি.স.)। আঘোণৰ পথাৰত সোণ গুটি চপোৱাত ব্যস্ত কৃষক । আঘোণ মানেই সোণোৱালী পথাৰ । আঘোণে কঢ়িয়াই আনে কৃষকৰ মনলৈ অপাৰ আনন্দ আৰু প্ৰাপ্তিৰ বতৰা ৷ বহু হেঁপাহ আৰু সপোন বুকুত বান্ধি আঘোণৰ পথাৰত ব্যস্ত এতিয়া ৰাজ্যৰ কৃষক সকল। সোনোৱালী প
বকলীয়াঘাট হগলাকটা গাঁৱত আঘোণৰ পথাৰত সোণ গুটি চপোৱাত ব্যস্ত কৃষক


কাৰ্বিআংলং, ২০ নৱেম্বৰ (হি.স.)। আঘোণৰ পথাৰত সোণ গুটি চপোৱাত ব্যস্ত কৃষক । আঘোণ মানেই সোণোৱালী পথাৰ । আঘোণে কঢ়িয়াই আনে কৃষকৰ মনলৈ অপাৰ আনন্দ আৰু প্ৰাপ্তিৰ বতৰা ৷ বহু হেঁপাহ আৰু সপোন বুকুত বান্ধি আঘোণৰ পথাৰত ব্যস্ত এতিয়া ৰাজ্যৰ কৃষক সকল। সোনোৱালী পথাৰত এতিয়া দাৱনীৰ মুখে মুখে বিহুগীত, বিয়া নামেৰে মুখৰ ৷ বৰ্তমান বকলীয়াঘাট হগলাকটা গাঁৱৰ পৰিবেশ ইয়াত বৰ্ণনা কৰা হৈছে ।

পথাৰত গীত গাই আনন্দ উল্লাসেৰে সোণগুটি ছপোৱাত ব্যস্ত কৃষক, দাৱনী সকল। সোণোৱালী পথাৰত দাৱনীৰ বৰ্তমান বিৰামহীন ব্যস্ততা। দাৱনী সকলে পথাৰত লৈছে ৰৱাব টেঙাৰ জুতি । পূৰ্বৰ দিনবোৰৰ তুলনাত এতিয়া পৰিবেশ পৰিস্থিত বহুখিনি পৰিবৰ্তন হৈছে, বুলি দাৱনী সকলে উল্লেখ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande