যোগীঘোপাত বিধ্বংসী অগ্নিকাণ্ড,কেইবা লাখ টকাৰ সম্পত্তি অগ্নিত জাহ
কামৰূপ, ২০ নৱেম্বৰ (হি.স.)। যোগীঘোপাত বিধ্বংসী অগ্নিকাণ্ড। আজি পুৱতি নিশা ব্ৰয়লাৰ ফাৰ্মত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।যোগীঘোপাৰ ভৰালকুণ্ডী গাঁৱত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো। আব্দুৰ ৰহমানৰ ব্ৰয়লাৰ কুকুৰা ফাৰ্মত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা
যোগীঘোপাত বিধ্বংসী অগ্নিকাণ্ড,কেইবা লাখ টকাৰ সম্পত্তি অগ্নিত জাহ


কামৰূপ, ২০ নৱেম্বৰ (হি.স.)। যোগীঘোপাত বিধ্বংসী অগ্নিকাণ্ড। আজি পুৱতি নিশা ব্ৰয়লাৰ ফাৰ্মত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।যোগীঘোপাৰ ভৰালকুণ্ডী গাঁৱত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো। আব্দুৰ ৰহমানৰ ব্ৰয়লাৰ কুকুৰা ফাৰ্মত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি ঘোগীঘোপা আৰক্ষী সংবাদ মাধ্যমক জানিব দিয়ে।ব্ৰয়লাৰ ফাৰ্মখনত আছিল প্ৰায় ২৪০০ কুকুৰা পোৱালী। ফাৰ্ম খনত পুৱতি নিশা অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাটো প্ৰত্যক্ষ কৰে ফাৰ্মৰ গৰাকী। ইয়াৰ পিছতে হুৱাদুৱা লাগে স্থানীয় লোকৰ মাজত। অগ্নিকাণ্ডত প্ৰায় ২৪০০ কুকুৰাৰ পোৱালী অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে ফাৰ্মৰ গৃহটো সম্পূৰ্ণৰূপে ধংস হয় ।

অগ্নিকাণ্ডত কেইবা লাখ টকাৰ ক্ষতিসাধন হোৱা বুলি ফাৰ্ম খনৰ গৰাকী সংবাদ মাধ্যমত উল্লেখ কৰে। ব্ৰয়লাৰ ফাৰ্মখনত কোনো দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ ফাৰ্মৰ গৰাকীৰ। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande