বিলাসীপাৰাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ১৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয়।
ধুবুৰী, ২০ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাত কালি সন্ধিয়া সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। নোওদা গাঁৱত সংঘটিত হৈছে উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। গাওঁ খনৰ যুৱ ব্যৱসায়ী মইনুল হক ওৰফে বল্টুৰ বাসগৃহত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে । ঘৰত কোনো ন
বিলাসীপাৰাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ১৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয়।


ধুবুৰী, ২০ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাত কালি সন্ধিয়া সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। নোওদা গাঁৱত সংঘটিত হৈছে উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। গাওঁ খনৰ যুৱ ব্যৱসায়ী মইনুল হক ওৰফে বল্টুৰ বাসগৃহত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কোনোবা দুৰ্বৃত্তই বাসগৃহত অগ্নি সংযোগ কৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনাস্থলীত লক্ষীগঞ্জ আৰক্ষীৰ লগতে তিনিখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত ঘৰত মজুত থকা জিও বেগ,পাইপ আদি পথৰ কামৰ বিভিন্ন সামগ্ৰীৰ লগতে ১৫ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয়।লক্ষীগঞ্জত ইতিমধ্যে পৰিয়ালৰ লোকে লক্ষীগঞ্জ আৰক্ষী চকীত দুৰ্বৃত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত হে ওলাই পৰিব কি কাৰণ যুৱ ব্যৱসায়ী জনৰ ঘৰত অগ্নি সংযোগ কৰিছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande