
কামৰূপ, ২০ নৱেম্বৰ (হি.স.)। ৰঙিয়াৰ পৰা নিৰ্বাচনী কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা প্ৰদান । মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ কৰ্মীৰ । উল্লেখ্য যে ১৯৮৫ চনতে স্থাপিত ৰঙিয়া মহকুমা নিৰ্বাচনী কাৰ্যালয়টো ৰাইজৰ অজ্ঞাতে হঠাৎ আমিনগাঁও উপায়ুক্ত কাৰ্যালয়লৈ স্থানান্তৰ কৰাৰ বাবে ৰঙিয়াৰ সাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলি ইতিমধ্যে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে স্থানীয় বিধায়ক ভবেশ কলিতা,সাংসদ দিলীপ শইকীয়াক চোকা সমালোচনা কৰাৰ লগতে কাৰ্যালয়টো পুনৰ ঘূৰাই অনাৰ দাবী জনায় অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে । আনহাতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা প্ৰশান্ত বৰা, জেহিৰুল ইছলাম, উজ্জল লহকৰ,ভাস্কৰ কলিতাসহ দুই শতাধিক কংগ্ৰেছ নেতা কৰ্মী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু