
গুৱাহাটী,২০ নৱেম্বৰ(হি.স.)। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বহু প্ৰত্যাশিত দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি আজি পুৱা নীলাচলস্থিত মা কামাখ্যা ধাম ভ্ৰমণ কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে।
তেওঁৰ দলৰ বিষয়াসকলৰ সৈতে গম্ভীৰে মন্দিৰত প্ৰাৰ্থনা কৰে।দুখন মেচৰ টেষ্ট শৃংখলাৰ পূর্বে কালি দক্ষিণ আফ্রিকাৰ দলটোৰ সৈতে ভাৰতীয় ক্ৰিকেট দলটোৱে গুৱাহাটীত উপস্থিত হয় ৷
আহি পোৱাৰ লগে লগে দল সমূহক তেওঁলোকৰ ৰেডিছন ব্লু হোটেললৈ লৈ যোৱা হয় যাতে জিৰণি লোৱা হয় আৰু আগন্তুক খেলখনৰ বাবে প্ৰস্তুতি চলোৱা হয়। আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট দলৰ খেলুৱৈয়ে বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুশীলনৰ কৰে।
টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটোৱে পুৱা ৯ বজাৰ পৰা ফিটনেছ ড্ৰিলেৰে আৰম্ভ কৰে আৰু তাৰ পিছত নেট প্ৰেকটিছ কৰে। ভাৰতীয় দলটোৱে বিয়লি ১ বজাত ষ্টেডিয়ামত উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ