আছুক আলোচনালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ২০ নৱেম্বৰ(হি.স.)। চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মাজত অহা ২২ নৱেম্বৰত আলোচনা অনুষ্ঠিত হ‘ব।আছুক আলোচনালৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষাকৱচ প
আছুক আলোচনালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ


গুৱাহাটী, ২০ নৱেম্বৰ(হি.স.)। চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মাজত অহা ২২ নৱেম্বৰত আলোচনা অনুষ্ঠিত হ‘ব।আছুক আলোচনালৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ২২ নৱেম্বৰত আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে আছুক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আছুৰ প্ৰতিনিধি আৰু চৰকাৰৰ মাজত সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব। আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য,সভাপতি আৰু সাধাৰণ সম্পাদক সভাত উপস্থিত থাকিব বুলি আছুৰ কাৰ্যালয়ৰ পৰা জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande