
লক্ষীমপুৰ, ২০ নৱেম্বৰ (হি.স.): লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত আজিৰে পৰা পাঁচ দিনীয়াকৈ সদৌ অসম আমন্ত্ৰণমূলক ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাৰায়ণপুৰৰ শ্ৰী শ্ৰী ফুলনি থান ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উদ্যোগত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম আমন্ত্ৰণমূলক চেমনীয়া সকলৰ দ্বাৰা ভাওনা প্ৰতিযোগিতা।
উল্লেখ্য যে ২০ নৱেম্বৰৰ পৰা ২৪ নবেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানত ভাওনাৰ লগতে অনুষ্ঠিত হ'ব অন্যান্য বহু অনুষ্ঠান। বিশেষকৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰা হ'ব তুমি সুবাস অসমীৰে নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ