
নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। ক্ৰিকেট অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এছেছ টেষ্টৰ বাবে চূড়ান্ত একাদশ ঘোষণা কৰে। আঘাতৰ বাবে নিয়মীয়া অধিনায়ক পেট কামিন্স আৰু বেগী বলাৰ জোছ হেজলউডৰ অনুপস্থিতিত ষ্টিভ স্মিথে দলটোক নেতৃত্ব দিব।
অ’পেনাৰ জেক ৱেদাৰল্ড আৰু বেগী বলাৰ ব্ৰেণ্ডন ডগেটে লাভ কৰিছে প্ৰথম টেষ্ট কেপ। ৱেদাৰাল্ডে উছমান খোৱাজাৰ সৈতে ইনিংছৰ আৰম্ভণি কৰিব, আনহাতে ডগেটে মিচেল ষ্টাৰক আৰু স্কট ব’লেণ্ডৰ সৈতে পেচ আক্ৰমণত যোগদান কৰিব।
ইয়াৰ পূৰ্বে ইংলেণ্ডে ১২ জনীয়া দল ঘোষণা কৰিছিল, য’ত শ্বোৱেইব বছিৰক একমাত্ৰ স্পিনাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। দ্ৰুত বলাৰ জোফ্ৰা আৰ্চাৰ, ব্ৰাইডন কাৰ্ছ, গাছ এটকিনছন, মাৰ্ক উড আদিও ইংলেণ্ড দলৰ অংশ।
অষ্ট্ৰেলিয়াৰ প্লেয়িং একাদশ : উছমান খোৱাজা, জেক ৱেদাৰল্ড, মাৰ্নাছ লাবুশ্বাগন, ষ্টিভ স্মিথ (অধিনায়ক), ট্ৰেভিছ হেড, কেমেৰন গ্ৰীণ, এলেক্স কেৰী (উইকেটকীপাৰ), মিচেল ষ্টাৰক, ব্ৰেণ্ডন ডগেট, স্কট বলেণ্ড, নাথান লায়ন।
हिन्दुस्थान समाचार / অৰৱিন্দ