অসম আৰক্ষীত জবাবদিহিতা আৰু স্বচ্ছতা বৃদ্ধিৰ দিশত এক বৃহৎ পদক্ষেপঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ৰাজ্য চৰকাৰে এখন নিৰাপদ আৰু জবাবদিহি অসম গঢ়াৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে অসম আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৫ৰ অধীনত ৰাজ্য আৰু জিলা পৰ্যায়ৰ আ
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ৰাজ্য চৰকাৰে এখন নিৰাপদ আৰু জবাবদিহি অসম গঢ়াৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে অসম আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৫ৰ অধীনত ৰাজ্য আৰু জিলা পৰ্যায়ৰ আৰক্ষী জবাবদিহিতা সংস্থাসমূহত সংস্কাৰৰ পৰিকল্পনা কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত উল্লেখ কৰে যে এই পদক্ষেপে আৰক্ষী ব্যৱস্থাৰ প্ৰতি দক্ষতা, স্বচ্ছতা, আৰু জনসাধাৰণৰ আস্থা আৰু অধিক শক্তিশালী কৰিব। তেওঁ কয় যে এই সংশোধনী হৈছে নাগৰিকক সুৰক্ষা দিবলৈ দিনে-নিশাই কাম কৰা ফ্ৰণ্টলাইন আৰক্ষী কৰ্মীসকলৰ বাবে এক “বৃহৎ ব্যৱস্থা উন্নীতকৰণ”।

ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে এই সংস্কাৰে আৰক্ষী বাহিনীক আৰু অধিক সবল কৰি তোলাৰ লগতে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande