
নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। ছিংগাপুৰত অনুষ্ঠিত হোৱা ব্লুমবাৰ্গ নিউ ইকনমি ফ’ৰামত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ সুস্থিৰ, দায়িত্বশীল, আৰু উদ্ভাৱন-চালিত ডিজিটেল আৰু অৰ্থনৈতিক ভৱিষ্যতৰ দৃষ্টিভংগীক স্পষ্ট কৰি দিয়ে।
ভাৰতৰ শক্তিশালী অৰ্থনৈতিক মৌলিক দিশৰ উদ্ধৃতি দি তেওঁ কয় যে উচ্চ বৃদ্ধিৰ হাৰ আৰু মধ্যমীয়া মুদ্ৰাস্ফীতিৰ সৈতে অনাগত বছৰবোৰত দেশখনে সুস্থিৰ নীতিগত পৰিৱেশ, সৰলীকৃত পদ্ধতি, আৰু বহনক্ষম উন্নয়নৰ ব্যৱস্থা কৰি যাব। অহা বছৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া নিউ ইকনমি ফ’ৰামত অংশগ্ৰহণৰ বাবেও তেওঁ বিশ্বব্যাপী বিনিয়োগকাৰীক আমন্ত্ৰণ জনায়।
ডিজিটেল জগতৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ডিপফেক, কৃত্ৰিম বিষয়বস্তু, আৰু দ্ৰুতগতিত বিয়পি পৰা উৰাবাতৰিয়ে নাগৰিক আৰু প্ৰতিষ্ঠানসমূহৰ মাজত আস্থাক প্ৰভাৱিত কৰিছে। তেওঁ জোৰ দি কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে যিকোনো ব্যক্তি, সম্প্ৰদায় বা সমাজৰ ক্ষতি ৰোধ কৰিবলৈ নিজৰ প্ৰকাশিত আৰু প্ৰচাৰিত বিষয়বস্তুৰ দায়িত্ব ল’ব লাগিব।
বৈষ্ণৱে ভাৰতৰ টেকন'-লিগেল ডিজিটেল গভৰ্নেন্স মডেলৰ বিষয়ে ব্যাখ্যা কৰি কয় যে ডাটা প্ৰটেকচন এক্ট নীতিভিত্তিক, দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিৰ সৈতে সংগতি ৰাখি বিকশিত হ'বলৈ সক্ষম আৰু উদ্ভাৱনক উৎসাহিত কৰিবলৈ সক্ষম। তেওঁ কয়, “আমি উদ্ভাৱন আৰু নিয়ন্ত্ৰণৰ সুষম সংমিশ্ৰণত বিশ্বাস কৰোঁ, য’ত উদ্ভাৱনক লালন-পালন কৰাৰ সমান্তৰালভাৱে সম্ভাৱ্য বিপদসমূহ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰা হয়।”
মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতত কাম কৰা কোম্পানীসমূহে সংবিধান, আইনৰ শাসন, আৰু দেশৰ সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্যক সন্মান কৰাটো বাধ্যতামূলক। তেওঁ কয়, “প্লেটফৰ্মসমূহে দায়িত্বশীলভাৱে কাম কৰিব লাগিব, যিখন দেশত তেওঁলোকে কাম কৰে তাৰ সামাজিক প্ৰেক্ষাপট, বৈচিত্ৰ্য আৰু সংবেদনশীলতা বুজিব লাগিব।”
हिन्दुस्थान समाचार / অৰৱিন্দ