
গাজা, ২০ নৱেম্বৰ (হি.স.)। গাজা ষ্ট্ৰিপৰ দক্ষিণ অংশৰ খান ইউনিছত বৃহস্পতিবাৰে ইজৰাইলৰ বিমান আক্ৰমণত ৪ জন লোক নিহত হোৱাৰ লগতে ১৮ জন আহত হয়। স্থানীয় স্বাস্থ্য বিষয়াসকলে ভুক্তভোগীসকল পেলেষ্টাইনী সাধাৰণ নাগৰিক বুলি দাবী কৰি তেওঁলোকে স্থানচ্যুত লোকৰ মাজত বাস কৰা বুলি কয়।
ইজৰাইলৰ সেনাবাহিনীৰ মতে, ইয়াৰ বিমানে “মধ্য গাজাত মাটিত সন্দেহজনক কাৰ্যকলাপত লিপ্ত সন্ত্ৰাসবাদীক আক্ৰমণ কৰিছিল, যিয়ে সেনাবাহিনীৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল”। এই বিমান আক্ৰমণত নিহত চাৰিজন লোকক স্থানীয় বাসিন্দা আৰু চিকিৎসকে সাধাৰণ নাগৰিক বুলি চিনাক্ত কৰিছে।
ইফালে, যুদ্ধবিৰতিৰ পিছত ইজৰাইলৰ আক্ৰমণত ৩১২ জন পেলেষ্টাইনী মৃত্যু হোৱা বুলি দাবী কৰিছে পেলেষ্টাইনী স্বাস্থ্য বিষয়াসকলে, যোৱা সপ্তাহত ইজৰাইলে নিজৰ সৈন্যৰ ওপৰত আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ সময়ত ইয়াৰে প্ৰায় ১৫০ জন পেলেষ্টাইনী একদিনাই নিহত হৈছে। ইজৰাইলে দাবী কৰিছে যে যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াৰ তিনিজন সৈনিক নিহত হৈছে।
উল্লেখযোগ্য যে ১০ অক্টোবৰত ইজৰাইল আৰু হামাছৰ মাজত আমেৰিকাৰ মধ্যস্থতাত হোৱা যুদ্ধবিৰতিৰ ফলত দুবছৰীয়া যুদ্ধখন বহুলাংশে নিয়ন্ত্ৰণলৈ আহিছিল আৰু লাখ লাখ পেলেষ্টাইনী সাধাৰণ নাগৰিকক নিজৰ ঘৰলৈ উভতি যাবলৈ অনুমতি দিছিল। এই সময়ছোৱাত ইজৰাইলে নিজৰ সৈন্য প্ৰত্যাহাৰ কৰি সাহায্যৰ যোগান বৃদ্ধি কৰে।
যুদ্ধবিৰতিৰ অধীনত হামাছে গাজাত বন্দী হৈ থকা ২০ জন জীৱিত ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়ে। ইয়াৰ বিনিময়ত ইজৰাইলে যুদ্ধৰ সময়ত আটক কৰা প্ৰায় ২০০০ পেলেষ্টাইনী বন্দী আৰু পেলেষ্টাইনীক মুকলি কৰি দিয়ে। হামাছে ২৮ জন মৃত পণবন্দীৰ মৃতদেহ গতাই দিয়াৰ বিপৰীতে ইজৰাইলে ৩৬০ জন পেলেষ্টাইনী যোদ্ধাৰ মৃতদেহ ঘূৰাই দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ