
যোৰহাট, ২০ নৱেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত আফ্ৰিকান ছোৱাইন ফিবাৰৰ সন্ত্ৰাস বিৰাজ কৰিছে। মৰিয়নি মৰঙিয়াল গাঁৱত ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে শ শ গাহৰি। যাৰ ফলত গাহৰি পালক সকলৰ মাজত হাহাকাৰ ভয় অৱস্হাৰ সৃষ্টি হয়।
উল্লেখ্য যে মৰিয়নি মৰঙিয়াল গাঁৱৰ বিকাশ গগৈ নামৰ যুৱক জনে গাহৰি পালনেৰে স্বাবলম্বিতা হোৱাৰ সপোন দেখিছিল। পিছে আফ্ৰিকান ছোৱাইন ফিবাৰত আক্ৰান্ত হোৱাৰ বাবে প্ৰশাসনে বিকাশৰ ফাৰ্মত থকা এশৰো অধিক গাহৰি নিধন কৰিলে পশু পালন আৰু পশু চিকিৎসা বিভাগে। ইয়াৰ পাছতেই এতিয়া উপায়হীন হৈ পৰিছে বিকাশ গগৈ নামৰ যুৱকজন। এইক্ষেত্ৰত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে থলুৱা গাহৰি পালক জন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ