জনজাতি কৰণৰ দাবীত সৰুপথাৰত আটাছুৰ জোঁৰ সমদল
জনজাতি কৰণৰ দাবীত সৰুপথাৰত আটাছুৰ জোঁৰ সমদল ।
জনজাতি কৰণৰ দাবীত সৰুপথাৰত আটাছুৰ জোঁৰ সমদল


গোলাঘাট, ২০ নৱেম্বৰ (হি.স.): ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত আছে প্ৰতিবাদ। গোলাঘাট জিলাৰ সৰুপথাৰত যোৱা কালি বুধবাৰে সন্ধিয়া সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে জোঁৰ সমদল বাহিৰ কৰে। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা এই জোঁৰ সমদল সৰুপথাৰ নগৰৰ মাজমজিয়াত অন্ত পৰে ।

সদৌ গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ সৌজন্যত সৰুপথাৰ সমজিলা সমিতিৰ উদ্যোগত আৰু সৰুপথাৰ সমজিলা টাই আহোম মহিলা পৰিষদৰ সহযোগত ৰূপায়িত এই কাৰ্যসূচীত সহস্রাধিক লোকে অংশগ্রহণ কৰে। হাতে হাতে বেনাৰ ,ফেষ্টুনলৈ প্ৰতিবাদী সকলে সৰুপথাৰৰ ৰাজপথ উত্তাল কৰি তোলে । এই জোঁৰ সমদল কাৰ্যসূচীত আটাছুৰ (মিলন বুঢ়াগোহাঁই গোট) কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁইয়ে অংশগ্রহণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande