
ডিব্ৰুগড় ২০ নৱেম্বৰ (হি.স.):সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ উদ্যোগত জনজাতিকৰণৰ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত যোৱা কালি বুধবাৰে সন্ধিয়া ডিব্ৰুগড়ত ৰূপায়ণ কৰা হয় এই বিশাল জোঁৰ সমদল কাৰ্য্যসূচী। ডিব্ৰুগড়ৰ বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি কুমাৰণিচিগা তিনিআলি পৰ্যন্ত বিশাল জোঁৰ সমদল কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
চৰকাৰে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে আটাছুৰ নেতৃত্বই। তদুপৰি ট্ৰাইবেল সংঘই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটাছুৰ নেতাসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ