
বিজয়ী দলক নগদ ১ লাখ টকা সহ আকৰ্ষণীয় ট্ৰফী প্ৰদান কৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় আৰু বি টি চিৰ কাৰ্যবাহী পাৰিষদ দেৰহাছৎ মুছাহাৰীয়ে।
ধুবুৰী, ২০ নৱেম্বৰ (হি.স.): কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাৰ বহলপুৰৰ ৰত্নপীঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক কমতাপুৰ ফুটবল টুৰ্নামেণ্টৰ যোৱা কালি বুধবাৰে সন্ধিয়া অনুষ্ঠিত হয় । ফাইনেল খেল খনত বঙাইগাঁৱৰ বৰ্ষণগাঁও ক্ৰীড়া সন্থাক ২-০ গ’লৰ ব্যৱধানত পৰাভূত কৰি গোঁসাইগাঁৱৰ গ্লৱেল ফুটবল ক্লাৱে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।
হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত তীব্ৰ উত্তেজনামূলক খেলখনত গোসাঁইগাঁওৰ গ্লৱেল ফুটবল ক্লাৱে শেষ হাঁহি মাৰে। বি টি চিৰ কাৰ্যবাহী পাৰিষদ দেৰহাছৎ মুছাহাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই ফুটবল টুৰ্নামেণ্টৰ বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দল গোঁসাইগাঁও গ্লৱেল ফুটবল ক্লাৱক ট্ৰফীসহ নগদ একলাখ টকাৰ পুৰস্কাৰ আৰু বিজিত দল বৰ্ষণগাঁও ক্ৰীড়া সন্থাক ট্ৰফীসহ সত্তৰ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান নগদ দহ হাজাৰ টকা সহ আকৰ্ষণীয় ট্ৰফী লাভ কৰে গ্লৱেল এফ চিৰ বীৰদাও ব্ৰহ্মই আৰু শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে বৰ্ষণগাঁৱৰ প্ৰাণজিৎ ৰায়ে। অনুষ্ঠানত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, অধ্যক্ষ হিতেশ বৰ্মন, কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়,কাৰ্যবাহী পাৰিষদ সুধীৰ চন্দ্ৰ ৰায় আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ