

- বিজেপিৰ পৰা ১৪ জন, জেডিইউৰ পৰা ৮ জন, এলজেপি (আৰ)ৰ পৰা ২ জন, আৰু হাম আৰু আৰএলএমএৰ পৰা এজনকৈ
পাটনা, ২০ নৱেম্বৰ (হি.স.)। নৱনিৰ্বাচিত বিহাৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত বৃহস্পতিবাৰে পুৱা ১১:৩০ বজাত পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আৰিফ মহম্মদ খানে নীতিশ কুমাৰক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শপতগ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অভিনন্দন আৰু শুভেচ্ছা জনায়। মুখ্যমন্ত্রী নীতিশ কুমাৰে কৃতজ্ঞতা প্রকাশ কৰি প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে ৷
বিজেপি কোটাৰ পৰা মন্ত্ৰীৰ তালিকা, তেওঁলোকৰ জাতি আৰু বিধানসভাৰ আসন
সম্ৰাট চৌধুৰী - মুংগেৰ - কুশৱাহা
বিজয় সিনহা - লক্ষীচৰাই - ভূমিহাৰ
দিলীপ জয়ছোৱাল - বৈশ্য - কিষানগঞ্জ
মঙ্গল পাণ্ডে - ব্ৰাহ্মণ - ছিৱান
নীতিন নবীন - কায়স্থ - পাটনা
সুৰেন্দ্ৰ মেহতা - কুশৱাহা - বেগুছৰাই
সঞ্জয় বাঘ - ৰাজপুত - আৰা
লখেন্দ্ৰ পাছৱান - পাছৱান - বৈশালি
শ্ৰেয়াসী সিং - ৰাজপুত - জামুই
অৰুণ শংকৰ প্ৰসাদ - খজাউলী - মধুবনী
ৰাম কৃপাল যাদৱ - যাদৱ - পাটনা
ৰামা নিছাদ - মল্লাহ - ঔৰাই
নাৰায়ণ প্ৰসাদ - বনিয়া - নৌতন
প্ৰমোদ কুমাৰ চন্দ্ৰবংশী - অত্যন্ত পিছপৰা - ঔৰংগাবাদ
জেডিইউৰ কোটাৰ পৰা মন্ত্ৰীৰ তালিকা, তেওঁলোকৰ জাতি আৰু বিধানসভাৰ আসন
অশোক চৌধুৰী (এম এল চি) - দলিত - পাটনা
লেছি সিং - ৰাজপুত - পূৰ্ণিয়া
সুনীল কুমাৰ - দলিত - গোপালগঞ্জ
বিজেন্দ্ৰ প্ৰসাদ যাদৱ - যাদৱ সুপৌল
শ্ৰৱণ কুমাৰ - কুৰ্মী - নালন্দা
বিজয় চৌধুৰী - ভূমিহাৰ - চৰাইৰঞ্জন
মদন সাহনি - মল্লাহ - বাহাদুৰপুৰ
জামা খান - মুছলিম - চৈয়নপুৰ
এলজেপি(আৰ)ৰ মন্ত্ৰীৰ তালিকা, তেওঁলোকৰ জাতি আৰু বিধানসভাৰ আসন
সঞ্জয় পাছোৱান - পাছোৱান - বাখৰী
সঞ্জয় সিং - ৰাজপুত - মহুৱা
তদুপৰি হামৰ পৰা সন্তোষ কুমাৰ সুমন - দলিত-গয়াৰ পৰা বিজয়ী আৰু আৰএলএমৰ পৰা দীপক প্ৰকাশ - কুশৱাহা - অনিৰ্বাচিত মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ মন্ত্ৰীসভাত আছে পাঁচজন দলিত, চাৰিজন ৰাজপুত, তিনিজন কুশৱাহা, দুজন ভূমিহাৰ, দুজন কুৰ্মী, দুজন যাদৱ, দুজন বৈশ্য, আৰু দুজন মল্লাৰ লগতে ব্ৰাহ্মণ, কায়স্থ, মুছলিম, আৰু ইবিচিৰ এজনকৈ মন্ত্ৰী।
শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা, শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধান, জিতন ৰাম মাঞ্জী, ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিং, চিৰাগ পাছোৱান, অৰ্জুন ৰাম মেঘৱাল, অনুপ্ৰিয়া পেটেল, জে ডি ইউৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় সভাপতি সঞ্জয় কুমাৰ ঝা, ৰাষ্ট্ৰীয় লোক মৰ্চাৰ সভাপতি উপেন্দ্ৰ কুশৱাহা উপস্থিত থাকে ।
ইয়াৰ উপৰিও অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং শয়নী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঞ্জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকৰ লগতে আন বিশেষ অতিথি, সাংসদ, নৱনিৰ্বাচিত বিধায়ক, বিধান পৰিষদ, গণ্যমান্য ব্যক্তি, ৰাজনৈতিক কৰ্মীৰ লগতে বৃহৎ সংখ্যক সাধাৰণ ৰাইজ উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ