আগমনীৰ গংগাধৰ নৈৰ ভয়ংকৰ খহনীয়া, নেদেখাৰ ভাও স্থানীয় বিধায়কৰ
ধুবুৰী, ০২ নৱেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত গৰাখহনীয়াৰ তাণ্ডৱ। চকুৰ সন্মুখতে ভাঙিছে সপোনৰ ঘৰ। কাণসাৰ নাই স্থানীয় গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা ধুবুৰীৰ সাংসদৰ। উল্লেখ যে, গৌৰীপুৰ বিধানসভা সমষ্টিৰ উত্
আগমনীৰ গংগাধৰ নৈৰ ভয়ংকৰ খহনীয়া, নেদেখাৰ ভাও স্থানীয় বিধায়কৰ


ধুবুৰী, ০২ নৱেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত গৰাখহনীয়াৰ তাণ্ডৱ। চকুৰ সন্মুখতে ভাঙিছে সপোনৰ ঘৰ। কাণসাৰ নাই স্থানীয় গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা ধুবুৰীৰ সাংসদৰ।

উল্লেখ যে, গৌৰীপুৰ বিধানসভা সমষ্টিৰ উত্তৰ মৰাগদাধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত শিঙিমাৰীত গংগাধৰ নৈৰ খহনীয়া ৰোধৰ বাবে স্থানীয় বিধায়ক, ধুবুৰীৰ সাংসদ, জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনলৈ বহু আৱেদন কৰিছিল যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ। অতি সোনকালে গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত গাঁওবাসীয়ে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে। নিৰ্বাচন আহিলে স্থানীয় বিধায়ক তথা ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে যদিও জয়ী হোৱাৰ পিছত পুনৰ এবাৰো আহি গৰাখহনীয়াৰ এই তাণ্ডৱ ৰোধৰ অকণো প্ৰচেষ্টা হাতত নলয় বুলিও ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande