
বেংগালুৰু, ০২ নৱেম্বৰ (হি.স.)। বেংগালুৰুত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন বেচৰকাৰী টেষ্টত অধিনায়ক ঋষভ পণ্টৰ ৯০ ৰানৰ শক্তিশালী প্ৰদৰ্শন আৰু অল ৰাউণ্ডাৰ তনুষ কোটিয়ান আৰু অংশুল কামোজৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে ইণ্ডিয়া এয়ে দক্ষিণ আফ্ৰিকা এক ৩ উইকেটত পৰাস্ত কৰে।
খেলখনত ইণ্ডিয়া এৰ অধিনায়ক ঋষভ পন্তে টছত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৩০৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইণ্ডিয়া এ ২৩৪ ৰানত অল আউট হয়। ইয়াৰ পিছতে দক্ষিণ আফ্ৰিকা এ দ্বিতীয় ইনিংছত ১৯৯ ৰান সংগ্ৰহ কৰি আউট হোৱাত ভাৰত এৰ জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইণ্ডিয়া এয়ে ৭টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰি এক গুঞ্জৰিত জয় লাভ কৰে।
দেওবাৰে ঋষভ পন্তৰ আউট হোৱাৰ পিছত ইণ্ডিয়া এয়ে পৰাজয়ৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও অংশুল কম্বোজ আৰু মানৱ সুথাৰে ৫০ ৰানৰ ওপৰত অপৰাজিত অংশীদাৰিত্ব গঢ়ি দলটোক এক গুঞ্জৰিত জয় প্ৰদান কৰে। ৪৬টা বলত অপৰাজিত ৩৭ ৰান সংগ্ৰহ কৰে অংশুল কামোজে। ৫৬টা বলত অপৰাজিত ২০ ৰান সংগ্ৰহ কৰে মানৱ সুথাৰে। অধিনায়ক পণ্টে ১১৩টা বলত ৯০ ৰান সংগ্ৰহ কৰে, য’ত ১১টা চাৰি আৰু ৪টা ছয়কে ধৰি। আয়ুষ বদোনিয়ে ৩৪, ৰজত পাটিদাৰে ২৮, আৰু তনুষ কোটিয়ানে ২৩ ৰান সংগ্ৰহ কৰে।
দক্ষিণ আফ্ৰিকাৰ হৈ টিয়ান ভান ৱুৰেনে তিনিটা, শ্বেপো মৰেকিয়ে দুটা আৰু অকুহলে চেলে আৰু লুথো ছিপামলাই এটাকৈ উইকেট দখল কৰে।
দক্ষিণ আফ্ৰিকা এৰ প্ৰথম ইনিংছ-
দক্ষিণ আফ্ৰিকা এৰ প্ৰথম ইনিংছত ৩০৯ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ জৰ্ডান হাৰমানে ৭১ ৰান, জুবাইৰ হামজাই ৬৬ ৰান আৰু ৰুবিন হৰমানে ৫৪ ৰানৰ অৰ্ধশতক অৰ্জন কৰে। টিয়ান ভান ৱুৰেনে ৪৬ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ তনুষ কোটিয়ানে ৪টা, গুৰুনুৰ ব্ৰাৰ আৰু মানৱ সুতাৰে দুটাকৈ, খলিল আহমেদ আৰু অংশুল কাম্বোজে এটাকৈ উইকেট দখল কৰে।
ইণ্ডিয়া এৰ প্ৰথম ইনিংছ ২৩৪ ৰানত সীমাবদ্ধ-
ইণ্ডিয়া এ প্ৰথম ইনিংছত ২৩৪ ৰান সংগ্ৰহ কৰিছিল। দলৰ হৈ প্ৰথম ইনিংছত আয়ুষ ম্হাত্ৰেই ৬৫ ৰান, সাই সুদৰ্শনে ৩২ ৰান, আয়ুষ বদোনিয়ে ৩৮ ৰান আৰু ৰজত পাটিদাৰে ১৯ ৰান সংগ্ৰহ কৰে।
দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৫টা উইকেট দখল কৰে প্ৰেনেলান সুব্ৰায়নে। এইদৰে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছৰ ভিত্তিত ৭৫ ৰানৰ অগ্ৰগতি লাভ কৰে।
দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ ১৯৯ ৰানত সমাপ্ত-
দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰসকলে ১৯৯ ৰানত অল আউট কৰে। লেচেগো চেনোকোৱানে (৩৭) আৰু জুবাইৰ হামজা (৩৭)ৰ বাহিৰে আন কোনো বেটছমেনে ৩০ ৰানৰ সংখ্যা অতিক্ৰম কৰিব নোৱাৰিলে।
ভাৰতৰ হৈ তনুষ কোটিয়ানে পুনৰবাৰ সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। অংশুল কম্বোজে তিনিটা আৰু গুৰনুৰ ব্ৰাৰে দুটা উইকেট লৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ