
গুৱাহাটী, ০২ নৱেম্বৰ (হি.স.)। গুৱাহাটীস্থিত আৰ. জি. বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বি. পি. চলিহা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত দেওবাৰ, ২ নৱেম্বৰ তাৰিখে একাদশ অসম ৰাজ্যিক মাষ্টাৰ চুইমিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়।
পুৱা ১০ বজাত পতাকা উত্তোলনৰ মাধ্যমেৰে অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন তাৰকা সাঁতোৰবিদ ফাৰিহা জামান, অসম সাঁতোৰ সন্থাৰ উপসভাপতি চন্দন জ্যোতি ফুকন, প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈক অসম সাঁতোৰ জগতলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জনায় যে, প্ৰতিযোগিতাত ২৫ বছৰ উৰ্ধ্বৰ ১৫০ গৰাকী পুৰুষ আৰু মহিলা অংশগ্ৰহণ কৰে। মুঠ ২৪২টা ইভেন্টত প্ৰতিযোগীসকলে প্ৰতিদ্বন্দিতা আগবঢ়ায়।
আজিৰ প্ৰতিযোগিতাৰ বিশেষ আকৰ্ষণ আছিল ৭০ বছৰ উৰ্ধ্ব পুৰুষ আৰু মহিলা অংশগ্ৰহণকাৰীৰ মাজত হোৱা উত্তেজনাপূৰ্ণ প্ৰতিদ্বন্দ্বিতা। প্ৰতিযোগিতাৰ অন্তত প্ৰশিক্ষক বাবুল গুৰুঙ, মমী বৰ্মন, ডেভিদ চেতিয়া, কল্যাণ কিশোৰ কাশ্যপ, দিব্যজ্যোতি শৰ্মা প্ৰমুখ্যে বিশিষ্ট অতিথি-খেলুৱৈ সকলে বঁটা প্ৰদান কৰে
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী