
কোকৰাঝাৰ, ০২ নৱেম্বৰ (হি.স.)। পৰ্বতঝৰা ৰূপচিত সন্দেহ জনক মাংস উদ্ধাৰক কেন্দ্ৰ কৰি উত্তাপ্ত পৰিস্থিতি সৃষ্টি হয়।
আজিপুৱাই বাসবাৰীৰ পৰা গৌৰীপুৰ সংযোগী পথত ৰূপচীত উদ্ধাৰ হয় সন্দেহ জনক মাংস।পথৰ মাজত মাংসৰ টুকুৰা পৰি থকা ৰাইজে প্ৰত্যেক কৰি ৰূপচি আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে মাংস খিনি উদ্ধাৰ কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে । মাংস খিনি কোনোবাই দুষ্ট চক্ৰই বাইকেদি কঢ়িয়াই অনাৰ সময়তে বাইকৰ পৰা পৰি যোৱাৰ সন্দেহ ৰইজৰ। আৰক্ষীক ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক কৰা়ত্ব কৰাৰ দাবী উত্থাপন কৰে ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ