
কাঠমাণ্ডু, ০২ নৱেম্বৰ (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰদূত প্ৰত্যাহাৰৰ সিদ্ধান্ত শীঘ্ৰে কাৰ্যকৰী কৰাত নিষেধাজ্ঞা জাৰি কৰি অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছে।
ন্যায়াধীশ শৰংগা সুবেদী আৰু শ্ৰীকান্ত পৌডেলৰ যুটীয়া বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰি চৰকাৰৰ এই সিদ্ধান্ত আপাততঃ কাৰ্যকৰী হ’ব নালাগে বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে অক্টোবৰৰ মাজভাগত চৰকাৰে ১১খন ভিন্ন দেশত পদবীত থকা নেপালী ৰাষ্ট্ৰদূতক ওভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সাংবাদিক সুনীল ভট্টৰাইয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু মন্ত্ৰী পৰিষদৰ কাৰ্যালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক বিপক্ষ দল হিচাপে নামাকৰণ কৰি ৰিট আবেদন দাখিল কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ