নিৰ্বাচনী প্ৰচাৰৰ বাবে বেগুছৰাইত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে পুখুৰীত ধৰিলে মাছ
পাটনা, ০২ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে বেগুছৰাই জিলাত উপস্থিত হোৱা কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে এক অনন্য মনোভাৱ প্ৰদৰ্শন কৰে। ৰাহুলক এটা পুখুৰীত সাঁতুৰি মাছ ধৰা দেখা গৈছিল। নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি বেগুছৰাইত আ
मुकेश सहनी के साथ तालाब में राहुल गांधी


পাটনা, ০২ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে বেগুছৰাই জিলাত উপস্থিত হোৱা কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে এক অনন্য মনোভাৱ প্ৰদৰ্শন কৰে। ৰাহুলক এটা পুখুৰীত সাঁতুৰি মাছ ধৰা দেখা গৈছিল।

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি বেগুছৰাইত আছিল ৰাহুল গান্ধী। স্থানীয় ৰাইজে জনোৱা মতে, পুখুৰীটোত পুৱাৰে পৰা প্ৰস্তুতি চলি আছিল। ৰাহুল গান্ধী আহি পোৱাৰ লগে লগে গাঁৱৰ ৰাইজে তেওঁক পৰম্পৰাগতভাৱে আদৰণি জনায়। মুকেশ সাহনীয়ে পুখুৰীত জঁপিয়াই পৰাৰ লগে লগে ৰাহুল গান্ধীয়েও নিঃসংকোচে তাত জঁপিয়াই পৰে আৰু স্থানীয় মাছমৰীয়াসকলৰ সৈতে পৰম্পৰাগত মাছ ধৰা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

ৰাহুল গান্ধীৰ সৈতে বিকাশ ইনছান পাৰ্টি (ভিআইপি)ৰ মুৰব্বী মুকেশ সাহনী আৰু কংগ্ৰেছ নেতা কানহাইয়া কুমাৰো উপস্থিত থাকে। তিনিওজন নেতাই একেলগে পুখুৰীত নামি গাঁৱৰ মানুহৰ লগত মত বিনিময় কৰিলে, লগতে স্থানীয় খাদ্যৰ সোৱাদ ল’লে।

তাত উপস্থিত ৰাইজসকলেও ৰাহুল গান্ধীয়ে এই কাম কৰা দেখি উৎফুল্লিত হৈ পৰিছিল। ৰাহুল গান্ধীয়ে পুখুৰীত নমা আৰু সাঁতুৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। মানুহে ইয়াক ব্যাপকভাৱে শ্বেয়াৰ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande