
বজালী, ০২ নৱেম্বৰ (হি.স.)। বজালীত মাটি কটা ট্ৰেক্টৰৰ দৌৰাত্ম্য। ট্ৰেক্টৰে মহতিয়ালে এগৰাকী ১২ বছৰীয়া ছাত্ৰক । বজালীৰ নতুন বেলনাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে । দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰেক্টৰ লৈ পলায়ন চালক সত্যজিৎ কলিতাৰ।
এই দুৰ্ঘটনাতথিতাতে নিহত সুমন তালুকদাৰ নামৰ ছাত্ৰ গৰাকীৰ। স্থানীয় ৰাইজে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে ছাত্ৰজনক মদন ৰাউতা অসামৰিক চিকিতসালয়লৈ লৈ যায় যদিও চিকিতসকে ছাত্ৰ জন মৃত ঘোষণা কৰে। পিছতপাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত পাঠশালা আৰক্ষী উপস্থিত হৈ ছাত্ৰগৰাকীৰ মৃতদেহ বৰপেটালৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰ তথা চালকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ছাত্ৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ