শিৱসাগৰত দিখৌ দলঙ খনৰ নাম জুবিন গাৰ্গৰ নামত ৰখাৰ দাবী
শিৱসাগৰ, ০২ নৱেম্বৰ (হি.স.)। শিৱসাগৰত দিখৌ দলঙ খনৰ নাম জুবিন গাৰ্গৰ নামত ৰখাৰ দাবী। ভাৰতীয় জনতা পাৰ্টীৰ নেতা সমীৰ গগৈয়ে অসমবাসীৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ নামত শিৱসাগৰৰ ঐতিহাসিক দিখৌ দলঙ খন উৎসৰ্গা কৰাৰ দাবী কৰিছে। সমীৰ গগৈয়ে কয়— “আমাৰ সকলোৰে
শিৱসাগৰত দিখৌ দলঙ খনৰ নাম জুবিন গাৰ্গৰ নামত ৰখাৰ দাবী


শিৱসাগৰ, ০২ নৱেম্বৰ (হি.স.)। শিৱসাগৰত দিখৌ দলঙ খনৰ নাম জুবিন গাৰ্গৰ নামত ৰখাৰ দাবী। ভাৰতীয় জনতা পাৰ্টীৰ নেতা সমীৰ গগৈয়ে অসমবাসীৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ নামত শিৱসাগৰৰ ঐতিহাসিক দিখৌ দলঙ খন উৎসৰ্গা কৰাৰ দাবী কৰিছে।

সমীৰ গগৈয়ে কয়— “আমাৰ সকলোৰে প্ৰিয় শিল্পী, অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গে আমাক দুখৰ সাগৰত পেলাই ইহ সংসাৰৰ পৰা বিদায় ললে। তেওৰ পিতৃগৃহ শিৱসাগৰৰ জাঁজীত অৱস্থিত, সেইবাবে শিৱসাগৰৰ সৈতে তেওঁৰ এক আত্মিক সম্পৰ্ক আছে। আমি শিৱসাগৰবাসী হিচাপে তেওৰ প্ৰতি এক দায়বদ্ধতা অনুভৱ কৰোঁ।”

“বৰ্তমান দিখৌ নদীৰ ওপৰত থকা পুৰণি দলঙ খন নবীকৰণৰ কাম চলি আছে। সেই দলঙ খনক যদি আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা যায়, তেন্তে সেইটো হ’ব তেওৰ প্ৰতি শিৱসাগৰবাসীৰ এটা সঁচা সন্মান।”

গগৈয়ে লগতে উল্লেখ কৰে, “জুবিন আমাৰ বুকুৰ মাজত সদায় জীৱিত থাকিব, কিন্তু এই ধৰণৰ সৰু সৰু পদক্ষেপেই অনাগত প্ৰজন্মক জুবিন নামৰ সত্তাটোৰ মাহাত্ম্য স্মৰণ কৰাই থাকিব।”

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande