
নগাঁও, ০২ নৱেম্বৰ (হি.স.)। ধিঙৰ আহোম গাঁৱত সংখ্যালঘু নেতাৰ বিৰুদ্ধে কালি সন্ধিয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ। জনজাতি গাঁও খনৰ পুৰুষ মহিলা সকলো ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ সংগঠনটোৰ বিতৰ্কিত নেতা মোছাব্বিৰ আলী আহমেদে জনজাতি গাঁও খনৰ একাংশ লোকৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য । ধিঙৰ আহোম গাঁও আৰক্ষী পহৰা চকীৰ সন্মুখৰ এখন দোকানত কেইদিন মান পূর্বে এটা লম্পট দোকানীয়ে এগৰাকী নাবালিকাক কৰিছিল যৌন নিৰ্যাতন । যৌন নিৰ্যাতন কৰা ভিডিঅ ভাইৰেল হৈছিল সামাজিক মাধ্যমত।
নাবালিকা গৰাকীক নিৰ্যাতন চলোৱা লম্পট দোকানী ফুৰকান আলীক আহোম গাঁৱৰ ৰাইজে দোকান বন্ধ কৰি খেদি পঠিয়াই। কিন্তু লম্পটোৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা নাছিল কোনো ব্যৱস্থা । সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মোছাব্বিৰ আলী আহমেদ সহ কেইজন মান স্বয়ম্ভু নেতাই আৰক্ষী পহৰা চকীৰ সন্মুখত উপস্থিত হৈ আহোম গাঁৱৰ ৰাইজক দিছিল মিছা অপবাদ । সেই অপবাদৰ পিছতেই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দলটোক ৰাইজে পহুখেদা দি ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মোছাব্বিৰ আলী আহমেদক গ্ৰেপ্তাৰৰ দাবীত গাওঁবাসীয়ে আহোম গাঁও আৰক্ষী পহৰা চকীৰ সন্মুখতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
ৰাইজে নাবালিকা কিশোৰীক নিৰ্যাতন চলোৱা ফুৰকান আলীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনায়। উল্লেখ্য যে ধিঙৰ এই জনজাতীয় লোকৰ বসতি প্ৰধান আহোম গাঁও খন এখন অপৰাধ মুক্ত গাঁও।এই গাওঁ খনৰ ৰাইজক কালিমা সানিব বিচাৰা স্বয়ম্ভো সংখ্যালঘু নেতা মোছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে গাওঁবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ