
মাজুলী, ০২ নৱেম্বৰ (হি.স.)। উজনি মাজুলী মিলন সংঘ, নয়াবজাৰত তিনিদিনিয়াকৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন।
জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলীৰ উজনি মাজুলী মিলন সংঘত সম্পূৰ্ণ মিচিং ভাষাত অনুষ্ঠিত কৰা হব ৰাসলীলা ।হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৰ্চগিত ৰাস মঞ্চ। ৰাসৰ আখৰাত ব্যস্ত অভিনেতা অভিনেত্ৰী সকল ,ৰাসৰ বাবে সাজু উজনি মাজুলীবাসী ৰাইজ। দ্বিতীয় মথুৰা, গকুল আৰু বৃন্দাবনলৈ ৰূপান্তৰ হৈছৈ সত্ৰপিঠ মাজুলী। বৃন্দাবনত দেখিবলৈ পোৱা গৈছে ৰাধা কৃষ্ণৰ প্ৰেম লীলা । এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে উজনি মাজুলী মিলন সংঘ, নয়াবজাৰত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ