
পাটনা, ০২ নৱেম্বৰ (হি স): বিহাৰৰ আৰা আৰু নাৱাদাত ৰাজহুৱা সভাত ভাষণ দিয়াৰ পাছত দেওবাৰে সন্ধিয়া দীনকৰ গোলাম্বৰৰ পৰা পাটনাৰ গান্ধী ময়দানলৈ এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ৰোড শ্ব’ অনুষ্ঠিত কৰে।
দীনকৰ গোলাম্বৰ (ৰাজেন্দ্ৰ নগৰ)ত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ প্ৰতিমূৰ্তিত পুস্প শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰোড শ্ব’ৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ লগত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী লল্লন সিং, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছোৱাল, সাংসদ ৰবি শংকৰ প্ৰসাদ উপস্থিত থাকে। তেওঁ হাতত লৈছিল বিজেপিৰ নিৰ্বাচনী প্ৰতীক পদুম। ফুল আৰু কেশৰ পতাকাৰে সজ্জিত চহৰৰ ৰাজপথেৰে তেওঁৰ বাহনখন পাৰ হৈ যোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাস্তাৰ দুয়োকাষে আৰু অট্টালিকাৰ ছাদত সমবেত হোৱা ৰাইজক হাত জোকাৰিলে।
বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰা মোডীক কাষৰ পৰা চাবলৈ বৃহৎ সংখ্যক লোক সমবেত হৈছিল। বৃহৎ সংখ্যক মহিলাই প্ৰধানমন্ত্ৰীৰ ফটো আৰু ভিডিঅ’ তুলিবলৈ চেষ্টা কৰা, তেওঁৰ বাহনত পুস্প বৃষ্টি কৰাৰ লগতে আৰতি কৰা দেখা গৈছিল।
এই সময়ছোৱাত ৰাজ্যিক বিজেপিয়েও প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত স্থাপন কৰা সৰু সৰু মঞ্চত সামা চকেভাকে ধৰি লোকনৃত্য প্ৰদৰ্শন কৰে। নালা ৰোড, ঠাকুৰৱাড়ী আৰু বাকৰগঞ্জৰ মাজেৰে পাৰ হৈ গান্ধী ময়দানৰ সমীপৰ উদ্যোগ ভৱনত শেষ হয় এই ৰোড শ্ব’।
মন কৰিবলগীয়া যে পিএম মোদীয়ে যোৱা বছৰ লোকসভা নিৰ্বাচনৰ সময়ত পাটনাত একেধৰণৰ ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল, আৰু চলিত বৰ্ষৰ আৰম্ভণিতে অপাৰেচন সিন্দুৰৰ পিছতো এটা ৰোড শ্ব' অনুষ্ঠিত কৰিছিল। পাটনাত ৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব ।
हिन्दुस्थान समाचार / অৰৱিন্দ