বাংলাদেশৰ টেষ্ট অধিনায়ক হিচাপে ঘূৰি আহিছে নাজমুল হোছেইন শান্তো
নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰিছে যে নজমুল হোছেইন শান্তো ২০২৫-২০২৭ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অন্তলৈকে বাংলাদেশৰ টেষ্ট অধিনায়ক হিচাপে থাকিব । ইয়াৰ পূৰ্বে শান্তোৱে বাংলাদেশৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্
शांतो


নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰিছে যে নজমুল হোছেইন শান্তো ২০২৫-২০২৭ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ অন্তলৈকে বাংলাদেশৰ টেষ্ট অধিনায়ক হিচাপে থাকিব । ইয়াৰ পূৰ্বে শান্তোৱে বাংলাদেশৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও জুন মাহত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত টেষ্ট অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে এতিয়া বিচিবিয়ে তেওঁৰ ওপৰত নিজৰ আস্থা পুনৰ দৃঢ় কৰি টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে।

বিচিবিৰ সভাপতি মহম্মদ আমিনুল ইছলামে এক বিবৃতিত কয় যে এই সিদ্ধান্তই ২৭ বছৰীয়া বেটছমেনগৰাকীৰ নেতৃত্বৰ প্ৰতি ব’ৰ্ডৰ বিশ্বাস আৰু বাংলাদেশৰ ৰেডবল ক্ৰিকেটৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে শান্তোৱে ধৈৰ্য্য, দায়বদ্ধতা, টেষ্ট ক্ৰিকেটৰ বিষয়ে গভীৰ বুজাবুজি প্ৰদৰ্শন কৰিছে। তেওঁৰ নেতৃত্বত আমি দলৰ প্ৰদৰ্শনত বৃদ্ধি, আত্মবিশ্বাস, আৰু ধাৰাবাহিকতা দেখিবলৈ পাইছো। ব’ৰ্ডে বিশ্বাস কৰে যে আমি এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত আগবাঢ়ি যোৱাৰ লগে লগে নেতৃত্বৰ ধাৰাবাহিকতা অতি গুৰুত্বপূৰ্ণ হ’ব।

নাজমুল হোছেইন শান্তোৱে কয় যে বাংলাদেশ টেষ্ট দলটোক নেতৃত্ব দি থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱান্বিত আৰু মোৰ অধিনায়কত্বৰ ওপৰত ব’ৰ্ডৰ আস্থাৰ বাবে অত্যন্ত কৃতজ্ঞ। তেওঁ লগতে কয়, টেষ্ট ক্ৰিকেটত মোৰ দেশৰ অধিনায়কত্ব মোৰ জীৱনৰ সৰ্ববৃহৎ সন্মান, আৰু মোৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম। ইমান প্ৰতিভা আৰু সম্ভাৱনা থকা দল এটাক নেতৃত্ব দিয়াটো এক আনন্দৰ কথা, আৰু মই নিশ্চিত যে আমাৰ আগন্তুক ছিজনটো অতি ৰোমাঞ্চকৰ আৰু সফল হ'ব। আমি চলিত মাহৰ শেষৰ ফালে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে আগ্ৰহী, যিটো সময়ত বাংলাদেশৰ বাবে টেষ্ট ক্ৰিকেটৰ ব্যস্ত আৰু গুৰুত্বপূৰ্ণ সময়ৰ আৰম্ভণি।

শান্তোৱে প্ৰথমে ২০২৩ চনত টেষ্টৰ অধিনায়কত্ব গ্ৰহণ কৰিছিল। এতিয়ালৈকে ১৪খন টেষ্ট মেচত বাংলাদেশক নেতৃত্ব দিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande