শীৰ্ষ ১০ ভিতৰত ৪ কোম্পানীৰ মাৰ্কেট কেপ ৯৫ হাজাৰ কোটি টকাতকৈ অধিক বৃদ্ধি
-ৰিলায়েন্সৰ সৰ্বাধিক লাভ অৰ্জন নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে বিএছইৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ ভিতৰত চাৰিটা কোম্পানীৰ মাৰ্কেট কেপ ৯৫ হাজাৰ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে। ইয়া
মাৰ্কেট কেপ


-ৰিলায়েন্সৰ সৰ্বাধিক লাভ অৰ্জন

নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে বিএছইৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ ভিতৰত চাৰিটা কোম্পানীৰ মাৰ্কেট কেপ ৯৫ হাজাৰ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে আটাইতকৈ বেছি লাভ কৰিছিল। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ভিতৰত ছটা কোম্পানীৰ মাৰ্কেট কেপ ৯১ হাজাৰ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে।

যোৱা সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ভাৰতী এয়াৰটেল, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই), আৰু লাইফ ইনশ্বুৰেন্স কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (এল আই চি)ৰ মাৰ্কেট কেপ ৯৫,৪৪৭.৩৮ কোটি টকা বৃদ্ধি পাইছে। ইফালে এইচডিএফচি বেংক, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), আইচিআইচিআই বেংক, বাজাজ ফাইনেন্স, ইনফ’ছিছ, আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৯১,৬৮৫.৯৪ কোটি টকা হ্ৰাস পাইছে।

২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত চলি থকা ব্যৱসায়িক অধিবেশনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৪৭,৪৩১.৩২ কোটি টকা বৃদ্ধি পাই ২০,১১,৬০২.০৬ কোটি টকা হয়। একেদৰে ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৩০,০৯১.৮২ কোটি টকা বৃদ্ধি পাই ৮,৬৪,৯০৮.৮৭ কোটি টকা হয়। ভাৰতী এয়াৰটেলৰ বজাৰ মূল্য ১৪,৫৪০.৩৭ কোটি টকা বৃদ্ধি পাই ১১,৭১,৫৫৪.৫৬ কোটি টকা হয়, আৰু ভাৰতীয় জীৱন বীমা নিগমৰ বজাৰ মূল্য ৩,৩৮৩.৮৭ কোটি টকা বৃদ্ধি পাই ৫,৬৫,৮৯৭.৫৪ কোটি টকা হয়।

আনহাতে বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ২৯,০৯০.১২ কোটি টকা হ্ৰাস পাই ৬,৪৮,৭৫৬.২৪ কোটি টকা হয়। একেদৰে আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ২১,৬১৮.৯০ কোটি টকা হ্ৰাস পাই ৯,৬১,১২৭.৮৬ কোটি টকা হয়। ইয়াৰ উপৰিও ইনফ’ছিছৰ মাৰ্কেট কেপ ১৭,৮২২.৩৮ কোটি টকা হ্ৰাস পাই ৬,১৫,৮৯০ কোটি টকা হয়। হিন্দুস্তান ইউনিলিভাৰৰ বজাৰ মূল্য ১১,৯২৪.১৭ কোটি টকা হ্ৰাস পাই ৫,৭৯,৫৬১.৯৩ কোটি টকা হয়। এইচ ডি এফ চি বেংকৰ বজাৰ মূল্য ৯,৫৪৭.৯৬ কোটি টকা হ্ৰাস পাই ১৫,১৮,৬৭৯.১৪ কোটি টকা হয়। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ১,৬৮২.৪১ কোটি টকা হ্ৰাস পাই ১১,০৬,৩৩৮.৮০ কোটি টকা হয়।

মাৰ্কেট কেপৰ ক্ষেত্ৰত ২০,১১,৬০২.০৬ কোটি টকাৰ মাৰ্কেট কেপিৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ দেশৰ সৰ্ববৃহৎ মাৰ্কেট কেপ কোম্পানী হৈয়েই আছে। ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,১৮,৬৭৯.১৪ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,৭১,৫৫৪.৫৬ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১১,০৬,৩৩৮.৮০ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ৯,৬১,১২৭.৮৬ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৮,৬৪,৯০৮.৮৭ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ মাৰ্কেট কেপ ৬,৪৮,৭৫৬.২৪ কোটি টকা), ইনফ’ছিছ (মুঠ মাৰ্কেট কেপ ৬,১৫,৮৯০ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ মাৰ্কেট কেপ ৫,৭৯,৫৬১.৯৩ কোটি টকা) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ মাৰ্কেট কেপ ৫,৬৫,৮৯৭.৫৪ কোটি) শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande