মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন পাৰ্বতীপুৰত সাংসদ প্ৰদ্যুত বৰদলৈৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীৰ সভা
তিনিচুকিয়া, ০২ নৱেম্বৰ (হি.স.)। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন পাৰ্বতীপুৰত আজি অনুষ্ঠিত এক কংগ্ৰেছ কৰ্মীৰ সভা। টিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ পৰা কংগ্ৰেছ কৰ্মী সকলে সভাত অংশ গ্ৰহণ কৰে। সভাৰ মুখ্য অতিথি হিচাবে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ব
মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন পাৰ্বতীপুৰত সাংসদ প্ৰদ্যুত বৰদলৈৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীৰ সভা


তিনিচুকিয়া, ০২ নৱেম্বৰ (হি.স.)। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন পাৰ্বতীপুৰত আজি অনুষ্ঠিত এক কংগ্ৰেছ কৰ্মীৰ সভা। টিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ পৰা কংগ্ৰেছ কৰ্মী সকলে সভাত অংশ গ্ৰহণ কৰে। সভাৰ মুখ্য অতিথি হিচাবে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্ত্তমানৰ নগাওঁ লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ অংশ গ্ৰহণ কৰে। সভা খনত সাংসদ গৰাকীক সংগ দিয়ে জিলা কংগ্ৰেছৰ নেতৃবৃন্দৰ লগতে মাৰ্ঘেৰিটাৰ ব্লক কংগ্ৰেছৰ নেতৃবৃন্দই ৷

সভাৰ কাৰ্যসূচী হিচাবে পোন প্ৰথমে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংসদ বৰদলৈ নিজ বক্তব্যত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ আৰু বিজেপি চৰকাৰৰ লগতে অসম চৰকাৰৰ বিভিন্ন হিতাধিকাৰী আঁচনিৰ ওপৰত কঠোৰ সমালোচনা কৰে ৷ আজিৰ কংগ্ৰেছ কৰ্মীৰ সভাত আগন্তুক ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্ঘেৰিটা সমষ্টিত দলীয় সাংগঠনিক ভেটি কিদৰে শক্তিশালী কৰিব পাৰে তাৰ ওপৰতো আলোচনা কৰা পৰিলক্ষিত হয় ৷ সভাৰ অন্তত জাগুন পাৰ্বতীপুৰৰ পৰা কংগ্ৰেছ কৰ্মী সকলে সাংসদ গৰাকীৰ সৈতে বাইক ৰেলি কৰি মাৰ্ঘেৰিটাস্থিত কংগ্ৰেছ ভৱনত অনুষ্ঠিত সভা আৰু যোগদান কাৰ্য্যসূচীলৈ যাত্ৰা কৰে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande