
অকলেণ্ড, ০২ নৱেম্বৰ (হি.স.)। নিউজিলেণ্ডৰ কিংবদন্তি বেটছমেন তথা প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী টি-২০ বিশ্বকাপৰ মাত্ৰ চাৰি মাহৰ পূৰ্বে ৩৫ বছৰীয়া উইলিয়ামছনে এই সিদ্ধান্ত গ্ৰহণ কৰি ৯৩খন মেচৰ বিখ্যাত কেৰিয়াৰৰ অন্ত পেলায়।
উইলিয়ামছন হৈছে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত নিউজিলেণ্ডৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী। ১৮টা অৰ্ধশতক আৰু সৰ্বোচ্চ ৯৫ ৰানকে ধৰি ৩৩ ৰাণ গড়ে ২৫৭৫ ৰান সংগ্ৰহ কৰিছে। তেওঁ ২০১১ চনত অভিষেক ঘটায় আৰু ৭৫খন মেচত দলটোৰ অধিনায়কত্ব কৰি নিউজিলেণ্ডক টি-২০ বিশ্বকাপৰ দুখন ছেমি ফাইনেল (২০১৬, ২০২২) আৰু এখন ফাইনেল (২০২১)লৈ লৈ যায়।
উইলিয়ামছনে এক বিবৃতিত কয়, এইটো অবিশ্বাস্যভাৱে বিশেষ।
ইতিমধ্যে উইলিয়ামছনে নিউজিলেণ্ডৰ হোৱাইট বলৰ অধিনায়কত্ব মিচেল ছাণ্টনাৰক অৰ্পণ কৰিছে। ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পৰা দলটোৱে আগতীয়াকৈ ওলাই অহাৰ পিছত তেওঁ পৰিয়াল আৰু ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে সীমিত অভাৰৰ ভূমিকা সীমিত কৰি ৰাখিছিল।
শেহতীয়াকৈ আঘাত আৰু নিৰ্বাচিত সূচীৰ বাবে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিব নোৱাৰিলেও ইংলেণ্ডৰ বিৰুদ্ধে সমাপ্ত হোৱা এদিনীয়া শৃংখলাৰ বাবে উভতি আহিছিল।
টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত নিজৰ ভৱিষ্যতৰ ভূমিকাক লৈ তেওঁ মুকলি মনৰ হ’ব বুলি ইংগিত দিয়ে।
উইলিয়ামছনে এতিয়া ২৬ নৱেম্বৰৰ পৰা অকলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্লাংকেট শ্বিল্ড মেচখনত নৰ্দাৰ্ণ ডিষ্ট্ৰিক্টৰ হৈ খেলাৰ সম্ভাৱনা আছে। তেওঁৰ পৰৱৰ্তী লক্ষ্য হ’ব ২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন টেষ্ট শৃংখলা।
हिन्दुस्थान समाचार / অৰৱিন্দ