
হোবাৰ্ট (অষ্ট্ৰেলিয়া), ০২ নৱেম্বৰ (হি.স.)। ভাৰতীয় দলটোৱে দেওবাৰে হোবাৰ্টৰ বেলেৰিভ অ’ভেলত অনুষ্ঠিত তৃতীয় টি-২০ত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ভাৰতীয় দলটোৱে ১৮.৩ অভাৰত ৫ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে পাঁচখন খেলৰ শৃংখলাটো ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে। শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বিঘ্নিত হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ দলটোৱে দ্বিতীয়খন টি-২০ত জয়লাভ কৰে।
তৃতীয়খন টি-২০ত ১৮৭ ৰানৰ লক্ষ্য খেদি খেদি ভাৰতীয় দলটোৱে চতুৰ্থ অভাৰত ৩৩ ৰান সংগ্ৰহ কৰি প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয়। ১৬ বলত ২৫ ৰান সংগ্ৰহ কৰি আউট হয় অভিষেক শৰ্মা। ইয়াৰ পাছতে ষষ্ঠ অভাৰত শুভমন গিল আৰু অষ্টম অভাৰত অধিনায়ক সূৰ্যকুমাৰ যাদৱো আউট হয়। গিলে ১২টা বলত ১৫ ৰান সংগ্ৰহ কৰে, আৰু সূৰ্য্যকুমাৰে ১১টা বলত ২৪ ৰান সংগ্ৰহ কৰে। তিলক বৰ্মা আৰু অক্ষৰ পেটেলে মিলি ১০ অভাৰত ভাৰতৰ স্ক’ৰ ১০০ ৰান অতিক্ৰম কৰে। অৱশ্যে অক্ষৰ দলৰ মুঠ ১১১ ৰানৰ সময়ত ১৭ ৰান কৰি আউট হোৱাৰ বিপৰীতে তিলক বৰ্মা ২৯ ৰানত আউট হয়। এই দুটা উইকেটৰ পতনৰ পাছত ৱাশ্বিংটন সুন্দৰ আৰু জিতেশ শৰ্মাই ৪৩ ৰানৰ অপৰাজিত অংশীদাৰিত্ব ভাগ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ৱাশ্বিংটনে ৩টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ২৩টা বলত ৪৯ ৰানৰ অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে জিতেশে ১৩টা বলত অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে।
অষ্ট্ৰেলিয়াৰ হৈ নাথান এলিছে সৰ্বাধিক তিনিটা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্কাছ ষ্টয়নিছ আৰু জেভিয়াৰ বাৰ্টলেটে এটাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰান সংগ্ৰহ কৰে। প্ৰথম তিনিটা অভাৰত দুটা বিপৰ্যয়ৰ সন্মুখীন হৈ আয়োজক দলটোৱে দুৰ্বল আৰম্ভণি কৰে। ট্ৰেভিছ হেডে ৬ ৰাণত আউট হয়, আৰু জোছ ইংলিছ মাত্ৰ ১ ৰানত আউট হয়। ইয়াৰ পাছতে অধিনায়ক মিচেল মাৰ্ছ আৰু টিম ডেভিদে ইনিংছটো স্থিৰ কৰি সপ্তম অভাৰৰ ভিতৰতে দলটোৰ স্ক’ৰ ৫০ ৰান অতিক্ৰম কৰে। কিন্তু নৱম অভাৰত অষ্ট্ৰেলিয়াই দুটা বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, মাৰ্ছক ১১ ৰানত আউট কৰা হয়, আৰু তাৰ পিছৰ বলটোত মিচেল ওৱেনে ক্লিন বোল্ড হৈছিল।
টিম ডেভিদে উজ্জ্বল বেটিং কৰি ৩৮টা বলত ৭৪ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৫টা ছয় আছিল। তেওঁ আউট হোৱাৰ পাছত মাৰ্কাছ ষ্ট’ইনিছ আৰু মেথিউ শ্বৰ্টে ষষ্ঠ উইকেটত ৬৪ ৰান সংযোজন কৰে। ষ্টয়নিছে ৩৯টা বলত ৬৪ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ২টা ছয়। শ্বৰ্টে ১৫টা বলত ২৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জেভিয়াৰ বাৰ্টলেটে ৩ ৰানত অপৰাজিত হৈ থাকে।
ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ আৰ্ছদীপ সিঙে ৩টা উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰাৰ বিপৰীতে শিৱম ডুবেয়ে এটা উইকেট দখল কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ