চাবুৱাৰ চেন্টলুকছ চিকিৎসালয়ত উত্তপ্ত পৰিৱেশ
ডিব্ৰুগড়, ০২ নৱেম্বৰ (হি.স.)। চাবুৱাৰ চেন্টলুকছ চিকিৎসালয়ত নিশা উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। চিকিৎসালয় খনৰ স্বত্বাধিকাৰী , চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হয় এই পৰিবেশ। ধনৰ বাবে সংকটজনক ৰোগীক লৈ হেতালি খেলাৰ ভয়ংকৰ অভিযোগ চিকিতসালয় কৰ্তৃপক্ষৰ
চাবুৱাৰ চেন্টলুকছ চিকিৎসালয়ত উত্তপ্ত পৰিৱেশ


ডিব্ৰুগড়, ০২ নৱেম্বৰ (হি.স.)। চাবুৱাৰ চেন্টলুকছ চিকিৎসালয়ত নিশা উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। চিকিৎসালয় খনৰ স্বত্বাধিকাৰী , চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত সৃষ্টি হয় এই পৰিবেশ। ধনৰ বাবে সংকটজনক ৰোগীক লৈ হেতালি খেলাৰ ভয়ংকৰ অভিযোগ চিকিতসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে নিশা ৮ বজাত চিকিৎসালয় খনলৈ দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা দিগন্ত গোহাঁই নামৰ এজন ব্যক্তিক চিকিৎসাৰ বাবে আনিছিল আত্মীয়ই।প্ৰথম অৱস্থাত চিকিৎসকে লোক জনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ২০/৩০ মিনিটত জৰুৰী ভাৱে অষ্ট্ৰোপচাৰ কৰিব লাগিব অন্যথা লোক জনৰ জীৱনলৈ ভাবুকি আহিব বুলি আত্মীয়ক অৱগত কৰে।তদুপৰি ১ লক্ষাধিক টকাৰ বিনিময়ত তেওঁলোকে ৰোগীৰ অষ্ট্ৰোপচাৰ কৰি আৰোগ্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগেলগে চিকিৎকৰ পৰামৰ্শ মতে লোক জনৰ আত্মীয়ই যাৱতীয় ব্যৱস্থা গ্ৰহন ।

২০/৩০ মিনিটত অষ্ট্ৰোপচাৰ সম্পন্ন নকৰিলে ভাবুকি আহিব বুলি কোৱাৰ ৪ ঘন্টাৰ পিছতো নিশা ১২ বজা পৰ্য্যন্ত অপাৰেচন নকৰাত চিন্তিত হৈ পৰিয়ালৰ লোকে চিকিৎসকক সোধপোছ কৰে আৰু তেতিয়াহে ওৰহী গছৰ ওৰ ওলায়। চিকিৎসালয় কৰ্তৃপক্ষই অপাৰেচন নকৰাৰ বিভিন্ন অজুহাত দিয়াৰ লগতে এনাষ্টেছিয়া আৰু কাৰ্ডিঅলোজি ৰ চিকিৎসক নাই বুলি স্বীকাৰ কৰিবলৈ বাধ্য হয়। ফলত এই উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয়। সততেই অসমৰ বাহিৰৰ বাঘা বাঘা চিকিৎসকৰ বিজ্ঞাপনেৰে উন্নয়নৰ ফুলজাৰি মাৰি ফুৰা চিকিৎসালয় খনৰ এনে ওপৰে ৰঙচঙ ভিতৰে কোৱাভাতুৰী অৱস্থাই সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande