ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত পদযাত্ৰা
কামৰূপ, ০২ নৱেম্বৰ (হি.স.)। ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত পদযাত্ৰা। অংগদান তথা দেহদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি ৰঙিয়াত বিশাল পদযাত্ৰা কৰে ৰঙিয়াৰ কেবাখনো বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যাল
ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত পদযাত্ৰা


কামৰূপ, ০২ নৱেম্বৰ (হি.স.)। ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত পদযাত্ৰা।

অংগদান তথা দেহদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি ৰঙিয়াত বিশাল পদযাত্ৰা কৰে ৰঙিয়াৰ কেবাখনো বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ৰটো ৰ উদ্যোগত আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আনহাতে অহা ৭,৮ আৰু ৯ নৱেম্বৰত তিনিদিনীয়াকৈ ৰঙিয়াত ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক অধিবেশন অনুষ্ঠিত হব । উল্লেখ্য যে বিগত ২০ বছৰে নিৰবিচ্ছিন্ন ভাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে কাম কৰি আহিছে ইলোৰা বিজ্ঞান মঞ্চই । এই পদযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট শিল্পী মানস ৰবীনে । অনুষ্ঠানটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় উপধ্যক্ষ ডঃ জয়দেব শৰ্মা, মুকুল কলিতা সহ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande