
গোলাঘাট, ০২ নৱেম্বৰ (হি.স.)। পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চেন্ট্ৰেল ৰেঞ্জ কঁহৰা। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কঁহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে উদ্যানখন। এতিয়াৰে পৰা জীপ আৰু হাতীৰে পৰ্যটকে উপভোগ কৰিব পাৰিব উদ্যান খনৰ সৌন্দৰ্য। বনমন্ত্ৰীৰ সৈতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,কামাখ্যা প্ৰসাদ তাছা,দৰসিং ৰংহাংৰ উপস্থিতিত পৰ্যটকৰ বাবে মুকলি হয় উদ্যান খন।
উল্লেখ্যে যে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল,বুঢ়াপাহাৰ বনাঞ্চল আৰু অগৰাতলী বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা বনাঞ্চল পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ বিন্দু,বিগ ফাইভৰ অন্যতম বসতিস্থল। বৰ্তমান কঁহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ডাফলাং হৈ বৰুণতিকালৈ পৰ্যটকে কৰিব পাৰিব জীপ চাফাৰী। উল্লেখ্যে যে আজিৰে পৰা কঁহৰা বনাঞ্চলত বিদেশী পৰ্যটকৰ বাবে মুকলি থাকিব বিভাগীয় হাতী চাফাৰী। বিগত সময়ত পৰ্যটকৰ অভিলেখ সংখ্যক আগমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি আৰু অধিক পৰ্যটকৰ আগমণ হব বুলি প্ৰকাশ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অনুষ্ঠানত জুবিন গাৰ্গ,ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু