
যোৰহাট, ০২ নৱেম্বৰ (হি.স.)। যোৰহাট জিলাৰ তিতাবৰ ৰজাবাহৰ গাঁৱত আজি পুৱাই এটা প্ৰকাণ্ড বৰকাছ (ব্ল্যাক সফ্টশেল টাৰ্টল) উদ্ধাৰ কৰা হয়। গাঁওখনৰ যুৱকসকলে গাঁওখনৰ মাজৰ এটি খাল সিচোঁতে উক্ত বৰকাছটো ঘন পানী মেটেকাৰ মাজত প্ৰত্যক্ষ কৰে।
বৰকাছ উদ্ধাৰ হোৱা বিষয়কলৈ গাঁওবাসীৰ মাজত তাৎক্ষণিকভাৱে এক আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হয়। সকলোৱে আনন্দ-উল্লাসেৰে বৰকাছক ঘন মেটেকা তথা পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি আনন্দত মতলীয়া হৈ পৰে। গাঁওখনৰ পৌৰাণিক পৰম্পৰা অনুযায়ী কাছটো উদ্ধাৰ কৰি নুৱাই-ধোৱাই সেৱা -সৎকাৰ কৰি গাঁৱৰ মূল শ্ৰীশ্ৰী সাতখেলীয়া নামঘৰৰ বৰপুখুৰীত মুকলি কৰি দিয়ে।
ৰজাবাহৰ গাওঁবাসীৰ প্ৰকৃতি প্ৰেমৰ এনে অনন্য নিদৰ্শনে এতিয়া আন বহুজনকে আকৰ্ষিত কৰিছে।
উল্লেখ্য় যে বৰকাছ হৈছে এক প্ৰকাৰৰ বৃহৎ আৰু বিৰল কাছ, যিটো ব্ল্যাক সফ্টশেল টাৰ্টল নামেও জনাজাত। এই কাছসমূহ বিশেষকৈ অসম আৰু ভাৰতৰ অন্যান্য ঠাইৰ নদী, বিল আদিত পোৱা যায় আৰু ইয়াৰ ওজন ২০-২২ কেজি বা তাতকৈ বেছি হ'ব পাৰে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু