
গুৱাহাটী, ০২ নৱেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক কৰ্মসংস্থাপন বিচাৰিবলৈ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা যোজনাৰ এক নতুন আঁচনি ঘোষণা কৰিছে।
এই আঁচনিৰ অধীনত যোগ্য স্নাতকসকলে এবছৰৰ বাবে প্ৰতিমাহে ২৫০০ ₹ৰ আৰ্থিক সাহায্য লাভ কৰিব। লগতে তেওঁলোকক আত্মনিৰ্ভৰশীলতাৰ দিশত প্ৰশিক্ষণ আৰু পথ প্ৰদৰ্শন কৰা হ’ব।
মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলক আগবঢ়াই নিবলৈ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’বলৈ প্ৰেৰণা যোগোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই আঁচনিখন।
हिन्दुस्थान समाचार / অৰৱিন্দ